অখিল গগৈ 'ৰাইজৰ দল'ৰ সভাপতি নিৰ্বাচিত

মৰাণ – অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি নিৰ্বাচিত। কাৰাবন্দী কৃষক নেতা গৰাকীক সভাপতিৰ দায়িত্ব প্ৰদনা কৰি গঠন কৰা হ’ল ‘ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি৷ কাৰাগাৰৰ পৰাই ‘ৰাইজৰ দল’ক নেতৃত্বত প্ৰদান কৰিব অখিল গগৈয়ে।

ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজ দল’ৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনা গঠন কৰা হয় দলটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি৷ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয়া বাচনি সভাত গঠন কৰা হয় সমিতিখন৷

অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি নিৰ্বাচিত

কাৰ্যনিৰ্বাহক সমিতিখনত কাৰাবন্দী অখিল গগৈক ‘ৰাইজৰ দল’ৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ লগতে ড° হীৰেন গোহাঁইক প্ৰদান কৰা মুখ্য উপদেষ্টাৰ দায়িত্ব। উপদেষ্টামণ্ডলীৰ দায়িত্ব প্ৰদনা কৰা হয় ড° ইন্দ্ৰানী দত্ত, ড° সঞ্জয় তাঁতী, ড° হাফিজ ৰচিদ চৌধুৰী, ড° ঘনশ্যাম নাথ আৰু ড° উদয়াদিত্য ভৰালীক। সমিতিখনে ভাস্ক’ ডি শইকীয়া, জিতুল ডেকা আৰু কবীন্দ্ৰ চেতিয়া ফুকনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰে৷

‘ৰাইজৰ দল’ৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ক্ৰমে কমল কুমাৰ মেধি, সুমিত্ৰা হাজৰিকা, ডা: হৰিকান্ত দাস, মোহিনী মোহন লিগিৰা, দীপক শইকীয়া, ৰাচেল হুচেইন, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন, ফনী টায়েং, অনিল বড়ো, ভৱেন বৰুৱা, টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা আৰু পুলিন ভট্যাচাৰ্য আৰু ৰঞ্জিত তামুলীক।

হুছেইন মহম্মদ ছাহজাহান, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, অংকুৰ শইকীয়া, অলক নাথ, লোহিত গগৈ, দিবস ফুকন, জাহিৰুদ্দিন লস্কৰ আৰু মহেন্দ্ৰ দিহিঙীয়া আছে ‘ৰাইজৰ দল’ৰ সাধাৰণ সম্পাদকৰ দায়িত্বত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply