ফাইল ফটো

নিউজ ডেস্ক: আগন্তুক নিৰ্বাচনত অংশ ল’ব লগা প্ৰাৰ্থীসকলৰ মাজত হত্যা, অপহৰণ, প্ৰবঞ্চনা, ঋণ জালিয়াতী, দুৰ্নীতিকে ধৰি বহুবোৰ অপৰাধজনিত গোচৰত অভিযুক্তও আছে । এই কথাবোৰ মনোনয়ন দাখিলৰ লগত গাঠি দিয়াৰ লগতে ৰাজনৈতিক দলবোৰৰ ৱেবছাইটত নিজা প্ৰাৰ্থীসকলৰ বিষয়ে প্ৰকাশ কৰিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশ ল’বলগা শাসনাধীষ্ঠ বিজেপিয়ে ৮জন অভিযুক্ত নেতাক প্ৰাৰ্থিত্ব দিছে । এইসকলৰ ভিতৰত দুজন বিধায়কো আছে ।

বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে আছে, দুৰ্নীতি-জালিয়াতিৰ তিনিটাকৈ গোচৰ।
বেংকৰ পৰা ঋণ লৈ ঘূৰাই নিদিয়া অভিযোগত অভিযুক্ত জিতু গোস্বামীৰ বিৰুদ্ধে থকা গোচৰ কেইটা হ’ল- SPL Court case (PMLA) 9/18, RC BSK/2012/E002, RC BSK/2012/E006 গোচৰ। তেওঁৰ বিৰুদ্ধে অসম, পশ্চিমবংগ আৰু চিবিআই আদালত, গুৱাহাটীত এই গোচৰ চলি আছে। তাৰে দুটা গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ কথাও উল্লেখ আছে এই তথ্যত।কলাইগাঁও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মধুৰাম ডেকাৰ বিৰুদ্ধেও আছে দুটাকৈ গোচৰ , কিন্তু এতিয়ালৈকে অভিযোগনামা দাখিল কৰা নাই ।

থাওৰা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া কুশল দুৱৰীৰ বিৰুদ্ধেও আছে দুটাকৈ গোচৰ। 95/2003, 130/2010 গোচৰকেইটা ক্ৰমে ডিব্ৰুগড় অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালত আৰু গোলাঘাট অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত চলি আছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আছে তিনিটাকৈ গোচৰ। সেই গোচৰৰ নম্বৰ সমূহ হ’ল- GR1251/14, SC53/2020, CR386/2018 । ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অৱশ্যে অভিযোগ নামা দাখিল কৰা নাই।মাজবাটৰ বিজেপি প্ৰাৰ্থী জিতু কৃষাণৰ বিৰুদ্ধে আছে 107/2016, 96/2018 নম্বৰৰ দুটা গোচৰ। শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা দ্বীপায়ন চক্ৰৱৰ্তীৰ বিৰুদ্ধেও আছে CR2466/207 নম্বৰৰ গোচৰ। এই গোচৰৰ শুনানি চলি আছে শিলচৰৰ আদালতত।এই গোচৰৰো চাৰ্জশ্বিট প্ৰদান কৰা হৈছে।কমলপুৰৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে আছে তিনিটাকৈ গোচৰ।বিজেপিৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী মানৱ ডেকাৰ বিৰুদ্ধে থকা গোচৰ কেইটা হল, 207/2015, 226/2015, 1037/2015 ।

আনহাতে কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীৰ বিৰুদ্ধে চলি থকা গোচৰ বাতৰি কাকতত বিজ্ঞাপন দি সবিশেষ প্ৰকাশ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকে প্ৰকাশ কৰা এই বিজ্ঞাপনত উল্লেখ কৰা হৈছে যে, দলটোৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যয়ালয়ত 203/2021 নম্বৰৰ এক গোচৰ চলি আছে।
ক্ৰিমেনেল ৰিভিশ্যন পিটিশ্যনৰ এই গোচৰটোত কোনো অভিযোগনামা দাখিল কৰা হোৱা নাই। উল্লেখ্য যে, ৰিপুণ বৰা ৭৮নং গহপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। তেওঁৰ বিৰুদ্ধে চলা গোচৰৰ ধাৰাসমূহ হল- আই পি চি ৩০২ । বিজ্ঞাপনত কোৱা হৈছে যে, এই গোচৰত তেওঁ ট্যায়েল কৰ্টে তেওঁক ৰেহাই দিছিল যদিও গোচৰটো পুনঃবিবেচনাৰ আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল চিবি আইয়ে।
আনহাতে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী ৰানা গোস্বামীৰ বিপক্ষে যোৰহাটৰ আদালতত ভাৰতীয় দন্ডবিধি আইনৰ 211 IPC section 468/471 IPC যোৰহাট থানাৰ গোচৰ নং ৬৩০/২০১৬ পঞ্জীয়ন হৈ আছে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বাধ্যতামূলক হৈ পৰাৰ বাবেই এইসকল ব্যক্তিৰ অপৰাধ এইদৰে দলবোৰে মুকলি কৰিবলৈ বাধ্য হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply