গুৱাহাটী – অমিত শ্বাহৰ উপস্থিতিত শনিবাৰে অজন্তা নেওগে বিজেপিত যোগদনা নকৰে। বিজেপিত অজন্তা নেওগৰ যোগদান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহ অন্য এটা গুৰুত্বপূৰ্ণ উদ্দেশ্যেৰ বাবেহে শনিবাৰে গুৱাহাটীলৈ আহিব গতিকে শনিবাৰে অজন্তা নেওগে বিজেপিত যোগদনা নকৰে বুলি স্পষ্ট কৰি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে এই সম্পৰ্কে মত প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে শনিবাৰে অজন্তা নেওগে বিজেপিত যোগদান নকৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শনিবাৰে অন্য এক গুৰুত্বপূৰ্ণ উদ্দেশ্যেৰ বাবেহে গুৱাহাটীলৈ আহিব গতিকে অজন্তা নেওগে শনিবাৰে অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান নকৰাটো নিশ্চিত বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অজন্তা নেওগ বিজেপিত যোগদান কৰাকলৈ ৰাজ্যৰ ৰাজনীতি এতিয়া গৰম হৈ আছে।
উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগ বিজেপিত যোগদান কৰাৰ খবৰে উত্তাল কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি। অজন্তা নেওগৰ লগতে কংগ্ৰেছৰ বহু নেতা-বিধায়ক বিজেপিলৈ অহাৰ খবৰৰো চৰ্চা চলি আছে।
অজন্তা নেওগৰ বিজেপি গমনৰ খবৰৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ মাজতে কংগ্ৰেছ দলৰ অজন্তা নেওগক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অজন্তা নেওগলৈ পত্ৰ প্ৰেৰণ কৰি ২৫ তাৰিখৰ ভিতৰত অজন্তা নেওগে বিজেপিত যোগদান কৰিব নে নাই এই সম্পৰ্কে স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
ইফালে সংবাদমেলত বিটিচি সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় বিটিচিত বৰ্তমান বিপিএফ দল বিৰোধীৰ আসনতে থাকিব লাগিব। আগন্ত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বিপিএফ দলৰ লগত বিজেপিৰ মিত্ৰতা থাকিব নে নাই এই সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় বিপিএফ দলৰ লগত ২০২১ বর্ষৰ মিত্ৰতা থাকিব নে নাই এইয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব।