অসমৰ মুখ্য মন্ত্রী আচলতে কোন? অসম জাতীয় পৰিষদৰ প্রশ্ন Credit: ফাইল ফটো

গুৱাহাটী – অসম জাতীয় পৰিষদে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অধীনত প্রস্তুত হােৱা সাংবিধানিক ৰক্ষাকৱচৰ প্রতিবেদনখন নাকচ কৰি ৰাজ্য চৰকাৰে হাত সাৰিব বিচাৰিছে বুলি দোষাৰােপ কৰিছে। অসম জাতীয় পৰিষদে অতি গুৰুত্বপূর্ণ এটা প্রশ্ন উত্থাপন কৰি জানিব বিচাৰিছে যে অসমৰ মুখ্যমন্ত্রী আচলতে কোন ?সর্বানন্দ সােণােৱালে ৰক্ষাকৱচৰ প্রতিবেদনখনৰ সন্দৰ্ভত পলিৰীয়া মন এটা কিয় লৈছে সেই বিষয়েও সন্দেহ প্রকাশ কৰিছে অসম জাতীয় পৰিষদে।

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে “অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় তিনিটা দিশ আছে। তিনিওটা দিশতে অসমৰ সকলাে সমস্যাৰ ওপৰত ৰক্ষাকৱচ আগবঢ়োৱাৰ প্রতিশ্রুতি অসম চুক্তিয়ে দিছিল। ৰক্ষাকবচসমূহ যুগুত কৰিবলৈ কেন্দ্রীয় চৰকাৰে এখন ১৪ জনীয়া কমিটী গঠন কৰি দিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিচাবে শপত লােৱা ব্যক্তিজন নিজে আঁতৰি থাকিল। আন এজন মন্ত্ৰীৰ হতুৱাই কোৱাইছে যে অসম চুক্তিখন ‘আইনৰ দিশৰপৰা বাস্তবসম্মত নহয়। ৰাইজৰ মাজত সৃষ্টি কৰা সকলাে বিভ্রান্তিৰ বাবে সকলে দোষ শপত লােৱা মুখ্যমন্ত্রীজনে মূৰ পাতি ল’ৰ লাগিব”।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে গঠন কৰা কমিটীখনত অধ্যক্ষ দায়িত্ব লৈছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শবিপ্লৱ কুমাৰ শৰ্মাই। আন এজন আইনজ্ঞ আছিল অৰুণাচল প্রদেশৰ মহাধিবক্তা নিলয় কুমাৰ দত্ত। তৃতীয়জন আইনজ্ঞ আছিল অসম চৰকাৰৰেই মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰগোঁহাই। শপত লােৱা মুখ্যমন্ত্রী সােণােৱালে এতিয়া ক’ব বিচাৰিছে যে তিনিওজন আইনজ্ঞই আইন নাজানে। তিনিওজনেই চহী কৰা প্রতিবেদনখনত বে-আইনী দিহা-পৰামৰ্শহে আগবঢ়োৱা হৈছে। মুখ্য মন্ত্রী সােণােৱালে তিনিওজনকে অপমান কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খােজা উচিত বুলিও বিবৃতিত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰকাশ কৰে।

সােণােৱাল চৰকাৰে এইটো বুজাব খুজিছে যে প্রতিবেদনখনৰ কোনাে কথা ৰাজ্য চৰকাৰৰ দায়িত্ব ভিতৰত নপৰে। ইমান ভুল ধাৰণা এটা কেনেকৈ ল’ব পাৰিলে সেইটোহে এটা সাথৰ। বিধায়িনী ব্যৱস্থাসমূহ অসম চৰকাৰেই ল’ব লাগিব। যেনে, মাটি সংৰক্ষণৰ বিষয়টো ৰাজ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে। ৰক্ষাকৱচ হিচাবে মাটি সংৰক্ষণ কৰিবলৈ প্রতিবেদনখনত দিহা-পৰামর্শ দিয়া হৈছে। সেইদৰে ৰাজ্য চৰকাৰৰ চৰকাৰি বেচৰকাৰী খণ্ডত অসমৰ যুৱক-যুৱতীৰ বাবে চাকৰি সংৰক্ষণ কৰিবলৈ ৰক্ষাকৱচ হিচাবে পৰামর্শ দিয়া হৈছে। এই দায়িত্বও ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। ইতিমধ্যে দেশৰ কেইবাখনাে ৰাজ্যই নিজৰ নিজৰ ভূমিপুত্ৰৰ বাবে চাকৰি সংৰক্ষণৰ ব্যৱস্থা আইনগতভাৱে হাতত লৈছে। মুখ্য মন্ত্রী সােণােৱালে নিজৰ অৱতা বৰ পুতৌজনকভাৱে প্ৰকাশ কৰিলে বুলিও বিবৃতিটোত জগদীশ ভূঞাই কয়।

লগতে প্রতিবেদনখনত অসমৰ বিভিন্ন খিলঞ্জীয়া ভাষা আৰু সাহিত্য, বাৰে-বৰ্ণীয়া সংস্কৃতি সংৰক্ষণৰ বাবে ৰক্ষাকৱচ আগবঢ়োৱা হৈছে। এনে কামবােৰা ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে হাত সাৰিব বিচৰা চেষ্টা বৰ দুষ্টিকটু হৈ পৰিছে। জনসাধাৰণে এইটো প্রশ্নও তুলিছে যে প্রতিবেদনখন সম্পর্কে কেন্দ্রীয় গৃহ মন্ত্রীয়ে মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালৰ লগত কথা নাপাতি আন মন্ত্ৰীৰ লগতহে কথা পাতে নেকি বুলিও প্ৰশ্ন কৰে জগদীশ ভূঞাই।

প্রতিবেদনখনত অসম বিধানসভা, সংসদ আৰু আন সাংবিধানিক গাঁথনিত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আসনৰ সংৰক্ষণ ৰক্ষাকৱচ হিচাবে উল্লেখ কৰা আছে। এইখিনি কৰিবলৈ সংবিধানৰ কিছু কথা কেনেকৈ সালসলনি কৰিব লাগিব সেই বিষয়েও কমিটীৰ আইনজ্ঞ তিনিগৰাকীয়ে প্রতিবেদনত পৰামর্শ দিছে। ৬ নম্বৰ দফাৰ সাৰমৰ্ম আৰু দফাটোৰ আধাৰত প্ৰস্তুত কৰা প্রতিবেদনৰ সুদূৰপ্ৰসাৰী তাৎপৰ্য মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে অকণাে হৃদয়ংগম কৰিব পৰা নাই। সেইবাবেহে সস্তীয়া বাক-বিতণ্ডাত লিপ্ত হ’বলৈ আন এজন মন্ত্ৰীক ব্যৱহাৰ কৰিছে। ইয়াৰ জৰিয়তে মুখ্যমন্ত্রী হিচাবে শপত লােৱা সৰ্বানন্দ সােণােৱালে নিজৰ স্থিতিকে অবনমিত কৰিছে বুলি অসম জাতীয় পৰিষদে মন্তব্য প্রকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply