অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তেহাৰ

নিউজ ডেস্ক: অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে প্ৰথম খন নিৰ্বাচনী ইস্তেহাৰ | প্ৰকাশ কৰা ইস্তেহাৰত অসম চুক্তি আৰু সাংবিধানিক সুৰক্ষা, বিত্তীয় ব্যবস্থা, কৰ্ম সংস্থাপন, ভূমি ব্যৱস্থাৰ সংস্কাৰ আৰু আধুনিকীকৰণ, উদ্যোগ আৰু বাণিজ্য, চাহ জনগোষ্ঠীৰ উন্নয়ন, চাহ উদ্যোগৰ ৰক্ষণাবেক্ষণ, শিক্ষাৰ পূৰ্ণবিকাশ, আৰক্ষীক ৰাজনীতিৰ পৰা মুক্ত, জনজাতীয় সমস্যা, নগৰ চহৰ গাৱৰ ব্যাপক উন্নয়ন, বান আৰু খহনীয়াৰ সমস্যা, কৃষিখন্ডৰ পূৰ্ণ বিকাশ, সকলোৰে সম উন্নয়ন, বিদ্যুৎউৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত ফলপ্ৰসু ব্যবস্থা ল’ব বুলি উল্লেখ কৰিছে |

আৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ বাবে লক্ষ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই ইস্তাহাৰ । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হয় ইস্তাহাৰ । অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুকলি কৰে ইস্তাহাৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply