নগাঁও – কংগেছৰ অসম বচাওঁ আহক অভিযানকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই। গহপুৰৰ বিধায়ক উৎপল বৰাই কংগ্ৰেছ দলক আক্ৰমণ কৰি কয় কংগ্ৰেছে বহুদিন পূৰ্বে অসম ধ্বংস কৰি এতিয়া অসম বচাওঁ আহক অভিযান আৰম্ভ কৰিছে। কংগ্ৰেছ দলৰ এনে কাৰ্যসূচীৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে উৎপল বৰাই।

আগন্তক বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ দলে তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এটা দলে আনটো দলক আক্ৰমণ অব্যাহত ৰাখিছে। বিজেপি দলক এইবাৰ শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছৰ দলে আৰম্ভ কৰিছে অসম বচাওঁ আহক অভিযান।

কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযান কাৰ্যসূচীক তীব্ৰ সমলোচনা কৰিছে বিজেলি দলৰ মন্ত্ৰী- বিধায়কে। সোমবাৰে কংগ্ৰেছৰ অসম বচাওঁ আহক কাৰ্যসূচীক সমালোচনা কৰি গহপুৰৰ বিধায়ক উৎপল বৰাই কয় কংগ্ৰেছ দলে বহুদিন পূৰ্বেই অসমক ধ্বংস কৰিছে। অসমক ধ্বংস কৰি কংগ্ৰেছে এতিয়া অসম বচাওঁ আহক অভিযান আৰম্ভ কৰাৰ কোনো যুক্তি নাই বুলি কয় উৎপল বৰাই।

নগাঁৱত সোমবাৰে অনুষ্ঠিত হয় বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন। নগাঁও সদৰ বিধানসভা সমষ্টিৰ নিযুক্তি দিয়া ২৬১১জন পৃষ্ঠা প্ৰমুখ উপস্থিত থকা সন্মিলনত অংশগ্ৰহণ কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও চহৰৰ খুটিকটীয়া ৰাস পথাৰত অনুষ্ঠিত হোৱা পৃষ্ঠা প্ৰমুখ সন্মিলনীত বিজেপিৰ চাৰি সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply