আগন্তক নিৰ্বাচনত নগাঁৱত বিজেপি শূণ্য হ'ব : নীলমণি শইকীয়া

নগাঁও – নগাঁৱত ৰাইজৰ দলৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা। আগন্তক নিৰ্বাচনত নগাঁৱত বিজেপি শূণ্য হ’ব বুলি মন্তব্য ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াৰ। অখিল গগৈৰ মুক্তি আৰু “কা” বাতিলৰ দাবীত পুনৰ গঢ়ি তোলা হ’ব আন্দোলন।

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। ৰাজনৈতিক দল সমূহে উজনিৰ পৰা নামনিলৈকে বিভিন্ন সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। মঙলবাৰে নগাঁৱত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা দলটোৰ কাৰ্যনিৰ্বাহক সভাত দলটোৱে আগন্তক নিৰ্বাচনত লক্ষ্যত ৰাখি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মূলত কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবীত ৰাইজৰ দলে আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে “কা”ৰ বিৰুদ্ধেও আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে।

নৱগঠিত দলটোৱে লগতে ৰাজনৈতিক ভেটি শক্তিশালী কৰা সন্দৰ্ভতো আলোচনা কৰে কাৰ্যনিৰ্বাহক সভাত। আগন্তক বিধানসভা নিৰ্বাচনত নগাঁৱত বিজেপি শূণ্য হ’ব বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াই। কাৰ্যনিৰ্বাহক সভাত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী, নগাঁও জিলা সভাপতিকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে কাৰ্যনিৰ্বাহক সভাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply