আঞ্চলিক দল সমূহক লৈ শংকিত হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : দুলু আহমেদ

বকো – মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে দুলু আহমেদে। আঞ্চলিক দল সমূহক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ পৰা বুলি মন্তব্য দুলু আহমেদৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হ’লেহে মন্তব্য প্ৰকাশ কৰে বুলিও মন্তব্য প্ৰকাশ কৰিলে দুলু আহমেদে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাটো উচিত হোৱা নাই বুলিও মত প্ৰকাশ দুলু আহমেদৰ।

“কা”ৰ বিৰোধিতাৰে গঠন হোৱা ৰাজ্যৰ আঞ্চলিক দল সমূহ যিদৰে ৰাইজে মৰম লাভ কৰিবলৈ সক্ষম হৈছে ইয়াকে লৈ শংকিত হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আঞ্চলিক দল সমূহে ২০২৬ ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যক লৈ মন্ত্ৰী গৰাকীক উভতি ধৰি এইদৰে মন্তব্য কৰে দুলু আহমেদে।

বকোত অসম জাতীয় পৰিষদৰ এক সভাত অংশগ্ৰহণ কৰি দুলু আহমেদে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া শংকিত হৈ পৰে তেতিয়াহে তেওঁ মন্তব্য কৰে। আঞ্চলিক ৰাজনৈতিক দল সমূহক অসমৰ ৰাইজে আঁকোৱালি লৈছে ফলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ পৰিছে বুলি মন্তব্য কৰে দুলু আহমেদে।

ইফালে কৃষক নেতা অখিল গগৈ সন্দৰ্ভত দুলু আহমেদে কয় যে অখিল গগৈক কাৰাবন্দী কৰি ৰখাটো উচিত হোৱা নাই। অখিল গগৈক চৰকাৰখনে কাৰাবন্দী কৰি ৰখাৰ উত্তৰ ৰাইজে ২০২১ বর্ষৰ নিৰ্বাচনত ভোটৰ মাধ্যমেৰে দিব। আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ আলোচনা ইতিমধ্যে চলি আছে আৰু মিত্ৰতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে দুলু আহমেদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply