শিৱসাগৰ – বহু প্ৰত্যাশিত অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত লুৰীণজ্যোতি গগৈক সভাপতিৰ দায়িত্ব অৰ্পন কৰে । শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত অভিৱৰ্তনত দলটোৰ সভাপতি হিচাপে লুৰিণজ্যোতি গগৈক জগদীশ ভূঞাক সম্পাদক হিচাবে অধিষ্ঠিত কৰা হয়।
কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে অগপৰ পৰা পদত্যাগী বিধায়ক পবীন্দ্ৰ ডেকাক। উপ সভাপতি ১১ জন, ১১ জন সম্পাদক আৰু ১১ জন যুটীয়া সম্পাদকক নিৰ্বাচিত কৰা হয়।
প্ৰতিনিধি সভাতে দলৰ সংবিধান গৃহীত কৰা হয় | গ্ৰহণ কৰা হয় ১৯টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।আজিৰ মুকলি সভাত উপস্থিত থাকি ঐতিহাসিক ক্ষণৰ সাক্ষী হয় লুৰীণজ্যোতিৰ মাতৃ দুলু গগৈ। সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ত্ৰিশ সহস্ৰাধিক জনতা। আনহাতে সভাত মিচড কলৰ জৰিয়তে দলত যোগদান কৰিবৰ বাবে ৯১৬৯১৬৫৫৮০ নম্বৰটোও ঘোষণা কৰা হয়।