প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পল অনুসৰি ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিব | নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই এবিপি আৰু চি ভোটাৰে চলোৱা অপিনিয়ন প’লৰ মতে অসমত পুনৰ বিজেপি চৰকাৰ গঠনৰ ইংগিত দিছে।


বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুঠ ৫খন ৰাজ্যক লৈ কৰা হৈছিল এই অপিনিয়ন প’ল। মহা মিত্ৰজোঁট অধিক শক্তিশালী হোৱাৰো ইংগিত দিছে এবিপি-চি ভোটাৰৰ এই প’লে। এই অপিনিয়ন প’ল অনুসৰি বিজেপি মিত্ৰজোঁটে এইবাৰ বিধানসভা নিৰ্বাচনত ৬৮-৭৬খন আসম লাভ কৰাৰ সম্ভাৱনা। কংগ্ৰেছ মহামিত্ৰজোঁটে ৪৩-৫১খন আসন আৰু অন্যান্যই ৫ৰ পৰা ১০খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই অপিনিয়ন প’লত সোধা হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে। মুখ্যমন্ত্ৰী পদৰ বাবে ৰাইজৰ প্ৰথম পচন্দ সৰ্বানন্দ সোণোৱাল।

অপিনিয়ন প’লত ৪৪ শতাংশ লোকে সৰ্বানন্দ সোণোৱালেক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। দ্বিতীয় স্থানত আছে গৌৰৱ গগৈ। তেওঁ ২৬ শতাংশ লোকে বিচাৰে মুখ্যমন্ত্ৰী হিচাপে। ইফালে, তৃতীয় স্থানত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মন্ত্ৰী শৰ্মাক এই অনিয়ন প’ল মতে, ১৫ শতাংশ লোকে বিচাৰে মুখ্যমন্ত্ৰী হিচাপে। আনহাতে পশ্চিবংগত মমতাৰ দল পুনৰ চৰকাৰ গঠন কৰাৰ লগতে তামিলনাডুত ডিএম কে নেতৃত্বাধীন গোট আৰু কেৰালাত বাওদল আৰু পুডুছেৰীত বিজেপি দল শাসনলৈ আহিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply