কংগ্ৰেছক তীব্ৰ আক্ৰমণ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ Credit: কংগ্ৰেছে অসম গিলি গিলি শেষ কৰিলে বুলি মন্তব্য ৰঞ্জিত দাসৰ

নাজিৰা – শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ভৰলুৱাগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সভা। সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।কংগ্ৰেছৰ ‘অসম বচাওঁ’ নিৰ্বাচনী অনুষ্ঠানক তীব্ৰ সমালোচনা ৰঞ্জিত দাসৰ। কংগ্ৰেছে অসম গিলি গিলি শেষ কৰিলে বুলি মন্তব্য ৰঞ্জিত দাসৰ।

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ৰণডংকা। সমাগত বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপিয়ে ১০০+ মিছনৰ লক্ষ্যৰে শনিবাৰে নাজিৰা সমষ্টিৰ শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ পৃষ্ঠা প্ৰমুখ সকলক লগত লৈ এখনি সন্মিলন অনুষ্ঠিত কৰে।

উক্ত সন্মিলনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চাহ মৰ্চাৰ ৰাজ্যক সভাপতি প্ৰহ্লাদ গোৱালা, বিজেপি যুৱ মৰ্চা সম্পাদক ময়ূৰ বৰগোঁহাই, শিৱসাগৰ জিলাৰ বিজেপি সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ লগতে বুথ সমূহৰ সভাপতি আৰু পৃষ্ঠা প্ৰমুখ সকল উপস্থিত থাকে।

সভাত প্ৰতি গৰাকী পৃষ্ঠা প্ৰমুখ সকলক প্ৰতি অঞ্চলৰ পৰা ৬০ জনকৈ নিশ্চিত ভোটৰ নিৰ্বাচন কৰি উলিয়াবলৈ অনুৰোধ জনোৱা হয়। উক্ত সভাতে বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিয়ে কৰি থকা কৰ্মৰাজীৰ লগতে বিভিন্ন আচঁনিৰ দ্বাৰা লাভাম্বিত হোৱা লোকৰ সংখ্যাৰ হিচাপ কৰি ভোটাৰ সংখ্যা নিধাৰণ কৰি এইবাৰ নাজিৰাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথী বিজয়ী হোৱাতো নিশ্চিত বুলি মত প্ৰকাশ কৰে ৰঞ্জিত দাসে।

সাংবাদিকৰ আগত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে কোন সমষ্টিৰ পৰা কিমান আসন লাভ কৰিব তাৰো মন্তব্য প্ৰদান কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘অসম বচাওঁ’ নিৰ্বাচনী অনুষ্ঠানকো তীব্ৰ সমালোচনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply