গুৱাহাটী – আগন্তক বিধানসভা নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ বিশেষ পদক্ষেপ। কংগ্ৰেছ দলে পুৰস্কৃত কৰিব ৰাইজক। পুৰস্কাৰ লাভ কৰিবলৈ আপুনি কংগ্ৰেছলৈ প্ৰেৰণ কৰিব লাগিব ভিডিঅ”। ভিডিঅ’ যোগে আপুনি প্ৰেৰণ কৰা পৰামৰ্শ চাই কংগ্ৰেছ দলে তৈয়াৰ কৰিব নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছলৈ ভিডিঅ’ প্ৰেৰণ কৰি পুৰস্কাৰ লাভ কৰক।
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ মাজত ব্যস্ততাৰ অন্ত নাই। ৰাজনৈতিক দল সমূহে ৰাইজক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ইতিমধ্যে ৰণ কৌশল তৈয়াৰ কৰিছে যদিও এইবাৰ কোন দলে কি ইছ্যু লৈ ৰাইজৰ ওচৰলৈ যাব ইয়াৰ বাবে বর্তমানলৈকে কোনো এটা দলৰ নিৰ্বাচনী ইস্তাহাৰ সম্পূৰ্ণ হৈ উঠা নাই।
শাসকীয় বিজেপি দলে ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰাৰ বাবে ৰাইজৰ মতামত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিজেপিয়ে এইবাৰ সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ বিশেষ দৃশ্য শ্ৰাব্য বাহন প্ৰেৰণ কৰিছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুতৰ এই বিশেষ পদক্ষেপৰ পৰিবৰ্তে কংগ্ৰেছ দলে সামাজিক মাধ্যমক অস্ত্ৰ হিচাপে লৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
মঙলাবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ইস্তাহাৰ কমিটিৰ মূৰব্বী গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ডিজিটেল নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত প্ৰক্ৰিয়াৰ শুভ উদ্ধোধন কৰে। কলিয়াবৰৰ সাংসদ তথা ইস্তাহাৰ কমিটিৰ মূৰব্বী গৌৰৱ গগৈয়ে কয় যে অসমবাসী ৰাইজে নিজৰ মোবাইল ফোনৰ কেমেৰাৰে দুই মিনিটৰ ভিডিঅ’ বনাই কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিব পাৰিব।
ৰাইজে ভিডিঅ’ প্ৰেৰণ কৰে তেওঁলোকৰ সমস্যা সমূহ কংগ্ৰেছ দলক জনাব পাৰিব। ৰাইজে এই ভিডিঅ’ যোগে কংগ্ৰেছ দলক নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ পৰামৰ্শ প্ৰদান কৰিব পাৰিব। ৰাইজৰ সমস্যা আৰু পৰামৰ্শ সমূহ লৈ কংগ্ৰেছ দলে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰস্তুত কৰিব বুলি জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে।
ৰাইজে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰা ভিডিঅ’ সমূহৰ ভিতৰৰ দিনটোৰ শ্রেষ্ট তিনিটা ভিডিঅ’ নিৰ্বাচন কৰি ভিডিঅ’ প্ৰেৰণ কৰা লোক সকলক পিৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। পুৰস্কাৰ সমূহৰ ভিতৰত থাকিব আই ফোনৰ লগতে নগদ ধন। এই প্ৰতিযোগিতা ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত চলিব।
উল্লেখ্য যে কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ডিজিটেল কাৰ্যসূচী আৰম্ভ কৰিছে। ৰাইজে যিকোনো এটা আগ্ৰণী সামাজিক মাধ্যম প্লেটফৰ্মত #AssamBachao ৰ সৈতে ভিডিঅ’ প’ষ্ট কৰিব লাগিব আৰু ইয়াৰ লিংক www.AssamBachao.in এই ৱেবচাইটৰ জৰিয়তে দাখিল কৰিব লাগিব। ডিজিটেল কাৰ্যসূচী লগতে কংগ্ৰেছ দলে মানুহৰ ঘৰে ঘৰে হৈ ৰাইজৰ মত লৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব।