গুৱাহাটী – কংগ্ৰেছে আৰম্ভ কৰিব “অসম বচাওঁ আহক” বাছ যাত্রা। বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ দলৰ এক অনুষ্ঠানত কংগ্ৰেছ দলে ঘাষণা কৰে যে আসন্ন বিধানসভা নির্বাচনৰ বাবে দলে সমগ্ৰ ৰাজ্যতে বাছ যাত্ৰাৰ শুভাৰম্ভ কৰিব। “অসম বচাওঁ আহক” নামেৰে পৰিচিত হ’বলগীয়া এই বাছ যাত্রা অভিযানৰ সময়ত দলীয় নেতা-কর্মীসকলে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ ভােটাৰসকলক লগ ধৰি ভোটাৰ ৰাইজৰ ওজৰ-আপত্তি তথা সমস্যাসমূহৰ বুজ ল’ব আৰু সেইবোৰ লৈ ৰাইজৰ লগত মত বিনিময় কৰিব।
এই বাছ যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্বই ৰাজ্যখনৰ জৰুৰী বিষয় তথা সমস্যাৰাজি লৈ ৰাইজৰ সৈতে আলােচনা কৰিব বুলি জানিবলৈ দিয়ে দলৰ নির্বাচনী প্ৰচাৰ অভিযান কমিটীৰ অধ্যক্ষ তথা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। “অসম বচাওঁ আহক” এই বিষয়বস্তুৰ আঁৰৰ যুক্তিযুক্ততা ব্যাখ্যা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমক বচোৱাৰ প্ৰয়ােজন হৈছে আজিৰ পৰিস্থিতিৰ পৰা। আজি অসম গভীৰ সংকটৰ মুখামুখি হৈছে। ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি এই দুয়ােটাই আজি বিজেপিৰ পৰা অহা ভাবুকিৰ সমুখীন হৈছে। এই সংকটৰপৰা আমাৰ ৰাজ্যখনক ৰক্ষা কৰিবলৈ হ’লে আমি আমাৰ ভৱিষ্যতৰ এটা নতুন অভিকল্পনাৰ বাবে ৰাইজৰ ওচৰলৈ যাবই লাগিব।
বাছ যাত্ৰাৰ নেতৃত্বত থাকিব প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু সুস্মিতা দেৱ। প্ৰদ্যুৎ বৰদলৈয়ে যাত্ৰা আৰম্ভ কৰিব অহা ১২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ পৰা। প্ৰদ্যুৎ বৰদলৈয়ে বাছ যাত্ৰা সম্পৰ্কে কয়, “মহাপুৰুষজনাৰ আশিস শিৰত লৈ মই নগাঁও আৰু অন্যান্য এলকাসমূহ অতিক্ৰম কৰি উপনীত হ’মগৈ ইতিহাসে গৰকা শিৱসাগৰ চহৰত। পৰৱর্তী দুসপ্তাহ ধৰি প্ৰতিদিনেই আমি বিভিন্ন সম্প্রদায় তথা বিভিন্ন বয়সগােটৰ ৰাইজৰ লগত মত বিনিময় কৰিম আৰু লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতেও আলােচনাত মিলিত হম”।
দেৱৱত শইকীয়াই তেওঁৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব ১২ ফেব্ৰুৱাৰীত বিয়লি ৩ বজাত। অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতাগৰাকীয়ে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে শিৱসাগৰ চহৰত থকা পিয়লি ফুকনৰ স্মাৰকত শ্ৰদ্ধাৰ্ঘ তৰ্পণ কৰিব। দেৱব্ৰত শইকীয়াই তেওঁৰ বাছ যাত্ৰা সম্পৰ্কে কয়, “বিজেপিৰ অপশাসনত ৰাজ্যখনৰ জনসাধাৰণ অতিষ্ঠ হৈছে। মােৰ এই যাত্ৰাত মই মত বিনিময় কৰিম আমাৰ সমাজৰ বিবিধতা প্রতিফলিত কৰা বিভিন্ন শ্ৰেণীৰ লোকসকলৰ সৈতে, যাতে আমি বুজি ল’ব পাৰাে অসমলৈ শান্তি ঘূৰাই আনিবলৈ হ’লে, অহা পাঁচ বছৰত কি কি কাম কৰাৰ প্ৰয়োজন আছে”।
সংবাদ মাধ্যমৰ লােকসকলৰ সৈতে হােৱা মত বিনিময়ত, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বই কয় যে কংগ্ৰেছ দল যাব ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ দুৱাৰডলিলৈ, যোৱা পাঁচ বছৰে বিজেপিৰ অপশাসনত ৰাইজে পাৰ কৰিবলগীয়া দুখ-দুর্দশা আৰু অভাৱ-অভিযোগৰ বুজ ল’বলৈ। “আমি প্ৰতিখন ঘৰলৈকে যাম তেওঁলােকৰ দুখ-দুর্দশাৰ কথা জানিবলৈ আৰু যোৱা পাঁচ বছৰত তেওঁলােক মুখামুখি হৈ অহা সমস্যাবোৰৰ কথা শুনিবলৈ”।
কলিয়াবৰ লােকসভা সমষ্টিৰ সাংসদ, গৌৰৱ গগৈয়ে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব গুৱাহাটীৰ পৰা। মহানগৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত থকা মহান অসমীয়া যােদ্ধা আৰু আহােম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মৰকত পুস্পার্ঘ অর্পণ কৰি গৌৰৱ গগৈয়ে নিজৰ যাত্ৰা আৰম্ভ কৰিব ১৩ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজাত। নিজৰ যাত্ৰা সম্পৰ্কে গৌৰৱ গগৈয়ে কয়, “মৰিগাঁও জিলাৰ জাগীৰােড হৈ কৰিবলগীয়া মােৰ যাত্ৰাৰ সময়ছােৱাত মই লগ ধৰিম দলীয় কৰ্মীসকলক আৰু সাধাৰণ জনতাক, তেওঁলােকৰ সমস্যা সমূহৰ বুজ ল’বলৈ”।
মহিলা কংগ্ৰেছৰ মুৰব্বী সুস্মিতা দেৱে নিজৰ যাত্ৰা আৰম্ভ কৰিব গৃহ চহৰ শিলচৰৰ পৰা আৰু এই যাত্ৰাই সামৰি ল’ব বৰাক উপত্যকা। বৰাক উপত্যকাত দলৰ অগ্ৰণী কণ্ঠ, সুস্মিতা দেৱে যাত্ৰা সম্পৰ্কে কয় যে আসন্ন নির্বাচনত কংগ্ৰেছ নতৃত্বাধীন মহাজোঁটে ১০১ খন আসনত জয়লাভ কৰিব। “ৰাইজৰ মাজলৈ গৈ আমি কৰা মূল্যায়ন আৰু জৰীপত আমি গম পাইছো যে বিজেপিৰ বিৰুদ্ধে ৰাইজৰ মাজত এটা তীব্র ক্ষোভে গা কৰি উঠিছে। বিজেপি অগণতান্ত্রিক চৰকাৰে ৰাইজৰ কণ্ঠ চেপি ধৰি আৰু চৰকাৰৰ সমালোচকসকলক ভীতি প্রদর্শন কৰি ৰাইজৰ ক্ষোভৰ বহিপ্ৰকাশ ঘটিবলৈ নিদিব যদিও, অসম বচাওঁ আহক অভিযানে ৰাইজক শিৰ ওখ কৰি কথা ক’বলৈ আৰু তেওঁলােকৰ অভাৱ-অভিযােগসমূহ উজাৰি দিবলৈ এখন মঞ্চ প্ৰদান কৰিব আৰু কংগ্ৰেছক তেওঁলােকৰ আশা-আকাংখ্যাৰ বাহন কৰি তুলিব।”