কংগ্ৰেছৰ মহাজোঁট বন্ধনত শংকিত বিজেপি : আব্দুল খালেক

নগাঁও – কংগ্ৰেছৰ মহাজোঁট বন্ধনত শংকিত বিজেপি বুলি মন্তব্য কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ। অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয়। আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব বুলিও মন্তব্য আব্দুল খালেকৰ।

আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। বিজেপি দলক শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছ দলে এইবাৰ এ আই ইউ ডি এফৰ লগতে পাঁচটাকৈ ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য হৈছে। কংগ্ৰেছ দলৰত নেতৃত্বত গঠন হোৱা এই মহাজোঁট বন্ধনকলৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

কংগ্ৰেছ দলৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক শাসকীয় বিজেপি দলে আক্ৰমণ চলাই থকাৰ মাজতে এইবাৰ মহাজোঁট বন্ধনকলৈ মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে। বৰপেটাৰ সাংসদ গৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনতকলৈ শংকিত হৈ পৰিছে বিজেপি। আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰি সাংসদ আব্দুল খালেকে কয় যে অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয়। আগন্তক নিৰ্বাচনত “কা” ৰ বিৰুদ্ধে অসমবাসীয়ে কংগ্ৰেছক সমৰ্থন কৰিব।

বিগত পাঁচটা বছৰে বিজেপি চৰকাৰে কোনো এটা প্ৰতিশ্ৰুতি পালন নকৰাৰো অভিযোগ উত্থাপন কৰি আব্দুল খালেকে কয় বিজেপি চৰকাৰে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিয়াৰ চেষ্টা কৰিছে। হিন্দু বাংলাদেশীক আদৰিব খোজা বিজেপি চৰকাৰে দেশৰ হিন্দু নাগৰিকৰে কোনো উন্নয়ন নকৰিলে বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে। বিজেপি চৰকাৰক উৎখাতৰ স্বাৰ্থত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো কংগ্ৰেছৰ মহাজোঁট বন্ধনলৈ নিমন্ত্ৰণ জনায় সাংসদ আব্দুল খালেকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply