গুৱাহাটী – কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা গ’ল। মিত্ৰতা সমদৰ্ভত দল দুটাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব গ’ল কেতিয়া দিয়া হ’ব। ২২ বছৰ কংগ্ৰেছত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু মানুহ আছে কংগ্ৰেছ দলত। কংগ্ৰেছৰ প্ৰতিটো পৰিকল্পনাৰ খবৰ আহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত।

আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত ৰণ কৌশল তৈয়াৰ কৰাত। শাসকীয় বিজেপি দলক এইবাৰ ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰি থকাৰ মাজতে দল দুটাৰ বিশেষ পৰিকল্পনাৰ খবৰ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ পৰিকল্পনাৰ প্ৰয়োগ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। মন্ত্ৰী গৰাকীয়ে কয় যে “কংগ্ৰেছ আৰু এই আই ইউ ডি এফ দল ৮০ শতাংশ মুছলমান থকা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, ৫০ ৰ পৰা ৮০ শতাংশ মুছলমান থকা সমষ্টিত বুজাবুজি কৰিব আৰু ৫০ শতাংশৰ তলত মুছলমান থকা সমষ্টিত গোপন বুজাবুজি কৰিব বুলি মই খবৰ লাভ কৰিছে”।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ এই তিনিটা পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি ইতিমধ্যে বিজেপি দল তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিটা গ’ল প্ৰস্তুত কৰি ৰাখিছে। সময়তে এই গ’ল তিনিটাৰ প্ৰয়োগ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইফালে যদি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত মিত্ৰতা নহয় তেন্তে ইয়াৰ বাবেও বিশেষ পৰিকল্পনা কৰি ৰাখিছে বিজেপি দলে।

মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁ ২২ বছৰ কংগ্ৰেছ দলত আছিল আৰু বৰ্তমানেও কংগ্ৰেছ দলত তেওঁৰ বহু মানুহ আছে। কংগ্ৰেছ দলৰ পৰিকল্পনাৰ খবৰ তেওঁ লাভ কৰিব। কংগ্ৰেছ দলৰ আৰু কোনো বিধায়ক বিজেপিলৈ নাহে বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এইবাৰ নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া পৰাস্ত হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply