নিউজ ডেস্ক– ৰাজ্যসভাৰ সদস্য পদৰ পৰা অৱসৰ গ্ৰহণ বিৰোধী দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদৰ। নেতাগৰাকীৰ বিদায় ক্ষণত শোকবিহ্বল হৈ পৰে দলৰ নেতা-কৰ্মীৰ লগতে বিৰোধী দলৰো সদস্যসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীও সংসদত আবেগিক হৈ পৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে গুলাম নবী আজাদৰ বিদায় ভাষণত জম্মু আৰু কাশ্মীৰৰ ওপৰত তেওঁৰ অৰিহণাৰ বিষয়ে বক্তব্য ৰাখি কংগ্ৰেছী নেতাজনক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “মই গুলাম নবী আজাদক বহু বছৰ ধৰি জানো। আমি দুয়ো মুখ্যমন্ত্ৰী হোৱাৰ আগেয়ে কথা-বতৰা পাতিছিলো। সেই সময়ত গুলাম নবী আজাদ ৰাজনীতিৰ লগত সক্ৰিয় ভাৱে জড়িত আছিল।”
Watch my remarks in the Rajya Sabha. https://t.co/Cte2AR0UVs
— Narendra Modi (@narendramodi) February 9, 2021
২০০৭ চনত জম্মু আৰু কাশ্মীৰত গুজৰাটৰ পৰা যোৱা দৰ্শনাৰ্থীসকলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সেই সময়ত গুলাম নবী আজাদ জম্মু আৰু কাশ্মীৰৰ মুখ্য়মন্ত্ৰী আছিল। তেওঁৱে প্ৰথমে মোদীক ঘটনাটোৰ বিষয়ে অৱগত কৰিবলৈ ফোন কৰিছিল।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “যেতিয়া গুজৰাটী লোকসকলক কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল।সেই সময়ত গুলাম নবী আজাদ আৰু প্ৰণৱ মুখাৰ্জীৰ প্ৰচেষ্টাক মই কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে চিন্তিত হোৱাৰ দৰে হৈছিল। ”
“শাসনৰ গাদী আহে আৰু যায়, কিন্তু শাসনত থাকিলে কেনেকৈ কাম কৰিব লাগে সেয়া গুলামজীৰ পৰা শিকিব লাগে । সেইয়া মোৰ বাবে এটা অতি আৱেগিক মুহুৰ্ত।” ৰাজ্য সভাত এইদৰে ভাষণ ৰাখি আবেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “মই আপোনাক অৱসৰ ল’বলৈ নিদিওঁ, মই আপোনাৰ পৰা পৰামৰ্শ সদায়ে লৈ থাকিম। মোৰ দুৱাৰ আপোনাৰ বাবে সদায় খোলা থাকিব।”
এজন বিৰোধী দলৰ নেতাক “প্ৰকৃত বন্ধু” বুলি বৰ্ণনা কৰিবলৈ কঠিন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ,”যিয়ে গুলাম নবীজীক বিৰোধী নেতা হিচাপে ধাৰণা কৰিব তেওঁ নবীজী কৰ্মৰাজীৰ সৈতে ৰিজালে অসুবিধা হ’ব কিয়নো নবীজীয়ে কেৱল তেওঁৰ দলৰ বিষয়ে সতৰ্ক তেনে নহয়, তেওঁ নিজৰ দেশ আৰু ঘৰখনৰ প্ৰতিও উদ্বিগ্ন আছিল।”
উল্লেখ্য় যে ৰাজ্য সভাত গুলাম নবী আজাদৰ কাৰ্যকাল ১৫ ফেব্ৰুৱাৰীত অন্ত পৰিব।