নিউজ ডেস্ক: কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৩৯টা সমষ্টিৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে । মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০,৫৯২ টা ।
দ্বিতীয় পৰ্যায়ত বৰাকৰ তিনিখন জিলাৰ ১৫টা সমষ্টিৰ লগতে ডিমা হাচাওৰ এটা, পশ্চিম কাৰ্বি আংলঙৰ এটা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, হোজাই আৰু ওদালগুৰিৰ ৩টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ ৪টা, কামৰূপৰ দুটা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।
এইকামৰ বাবে নিৰ্বাচন আয়োগে কালিৰে পৰা নিৰ্বাচনী বিষয়াসকলক ভোটদান কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে । ডিমা হাচাও জিলাৰ হাফলং সমষ্টিৰ দূৰ্গম অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰৰ ভোটগ্ৰহন কেন্দ্ৰ বাবে প্ৰিজাইডিং পোলিং বিষয়াসকলৰ লগতে সুৰক্ষা বাহিনীৰ লোক খোজ কাঢ়ি নদী পাৰ হৈ ভোট গ্ৰহন কেন্দ্ৰলৈ যাব লগা হৈছে ।
কাইলৈ ভোটগ্ৰহন হ’ব লগা সমষ্টি কেইটা হ’ল বৰাকৰ ৰাতাবাৰী,পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ,বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোনাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখ’লা আৰু কাটিগড়া । ডিমা হাছাও জিলাৰ হাফলং, পশ্চিম কাৰ্বি আলং জিলাৰ বৈঠালাংছু, কাৰ্বিআংলং জিলাৰ বোকাজান , হাওৰাঘাট আৰু ডিফু । কামৰূপ জিলাৰ কমলপুৰ আৰু ৰঙিয়া, মৰিগাঁও জিলাৰ মৰিগাঁও, লাহৰিঘাট, জাগীৰোড, নগাঁও জিলাৰ নগাঁও, বঢ়মপুৰ, ৰহা হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট আৰু দলগাঁও সমষ্টি । দৰং জিলাৰ চাৰিটা সমষ্টি হ’ল মংগলদৈ, ছিপাঝাৰ, কলাইগাঁও আৰু পানেৰী । ইয়াৰ উপৰি নলবাৰী জিলাৰ নলবাৰী সমষ্টিটো কাইলৈ ভোটগ্ৰহন হ’ব ।