গুৱাহাটী– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ এইকেইদিন সঁচাকৈয়ে যেন বেয়া দিন চলিছে। শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ ৰাজ্যিক সন্মিলনত দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অংশগ্ৰহণ কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে। অনলাইন যোগে সংযোগ হোৱা সভাত অংশলৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে সভা চলি থকাৰ মাজতে ৰিপুণ বৰাক দিলে ধমক। লগতে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও ক্ষোভ উজাৰে মন্ত্ৰী পি চিদাম্বৰমে।
বাৰে বাৰে ফোন কৰি থকাৰ পিছতো চিদাম্বৰমৰ ফোন ধৰা নাছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। পি চিদাম্বৰমে কয় , ‘মিষ্টাৰ বৰা, কিয় মোৰ ফোন ধৰা নাই? কোনোৱা এজনেটো ফোন ধৰিব লাগে। কোনোৱে ফোন ধৰা নাই, ইমান দায়িত্বহীন কি কাৰণে? যদি আপুনি ফোন ধৰিব নোৱাৰে, অন্য কাৰোবাক ক’ব লাগে ফোন ধৰিবলৈ।’
সভাৰ আৰম্ভনিতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়ে এই ধমক। এই সভাখন মাছখোৱাস্থিত আই টি এ প্ৰকল্পত আয়োজিত হৈছিল ।