গুৱাহাটী – অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপি চৰকাৰলৈ শুকুৰবাৰে এক প্ৰত্যক্ষ প্ৰত্যহ্বানৰ শুভাৰম্ভণি কৰে। গেৰুৱা দলটোক “কা” আইন সম্বন্ধীয় প্ৰদেশ কংগ্রেছৰ ৬টা প্ৰশ্নৰ ওপৰত বিজেপি দলৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সম্পৰ্কে কয় যে “বিজেপিয়ে আমাক কব লাগিব যে “ক”‘ আইনে অসমৰ ৰাইজক লাভ কৰিব নে লোকচান কৰিব ?” ৰিপুন বৰাই আগতেই ঘোষণা কৰিছে যে কংগ্ৰেছে “কা” আইন প্ৰণয়ন নকৰে আৰু “কা” আন্দোলনত শ্বহীদ হোৱা লোক সকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এক স্মৃতিসৌধ নিৰ্মাণ কৰিব।
কংগ্ৰেছ কেম্পেইন কমিটিৰ অধক্ষ্য প্ৰদ্যুৎ বৰদলৈয়ে গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি “কা”ৰ ওপৰত তেওঁৰ মতামত স্পষ্ট কৰিবলৈ দাবী জনায়। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে “অমিত শ্বাহে স্পষ্ট কৰি দিয়ক যে “কা” আইন সমগ্ৰ দেশতে প্ৰণয়ন হ’ব নে কেৱল পশ্চিম বংগত হব?” কাৰণ বিজেপিয়ে অত্যন্ত তৎপৰতাৰে পশ্চিম বংগৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
কংগ্রেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধক্ষ্য গৌৰৱ গগৈ কয় যে “বিজেপিয়ে ভাৱে নেকি “কা” আইন অসমীয়া ৰাইজৰ সপক্ষত আছে “? কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনে প্ৰধানমন্ত্ৰীক প্ৰত্যহ্বান জনাই কয় যে “মোদী ডাঙৰীয়াই তেওঁৰ নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ জাতি-মাটিৰ কথা কয় যদিও অসম বিজেপিয়ে কিয় “কা” আইনৰ সপক্ষত আছে, স্পষ্ট কৰিব লাগে?”
কংগ্ৰেছ বিধায়নী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে “বিজেপিয়ে কিয় মানি লোৱা নাই যে “কা” আইন অসমত বলবৎ হব, কিন্তু ইয়াৰ নিয়ম সমূহ জুলাই মাহতেই প্ৰস্তুত কৰা হৈছিল”?কংগ্রেছৰ নিৰ্বাচনী মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ আব্দুল খালেকে বিজেপি চৰকাৰক প্ৰশ্ন কৰে “বিজেপিয়ে ভাৱে নেকি যে “কা” আইনে অসম চুক্তিৰ দফা সমূহ উলংঘা নকৰে ?”