গুৱাহাটী – গেৰুৱা টুপী পিন্ধিলে অজন্তা, ৰাজদ্বীপ আৰু বনেন্দ্ৰই। এতিয়াৰে পৰা বিজেপিৰ হ’ল অজন্তা, ৰাজদীপ আৰু বনেন্দ্ৰ। আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগৰ লগতে প্ৰাক্তন বিধায়ক ৰাজদীপ গুৱালা আৰু বনেন্দ্ৰ মোছাহাৰী।

সকলো জল্পনা-কল্পনাৰ অন্তত মঙলাবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিলে গোলাঘাটৰ কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগ। হেঙেৰাবাৰীস্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেই ভৱনত উপস্থিত হৈ অজন্তা নেওগে বিজেপি দলত যোগদান কৰে।

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ কেইবাগৰাকী নেতা-বিধায়কৰ উপস্থিতিত অজন্তা নেওগৰ বিজেপিলৈ গমন ঘটে। সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় টুপী পিন্ধাই অজন্তা নেওগক দললৈ আদৰি আনে।

এতিয়াৰে পৰা বিজেপিৰ হ’ল অজন্তা, ৰাজদীপ আৰু বনেন্দ্ৰ

বিজেপি দলত যোগদান পিছত অজন্তা নেওগে কয় যে “বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ মই বিজেপিত যোগদান কৰিছোঁ। বিজেপি দলৰ ভৱিষ্যত দৰ্শন আছে গতিকে ভবিষ্যত দৰ্শন থকা দললৈ মই আহিলোঁ। ভৱিষ্যত দৰ্শন নথকা দল আগুৱাই যাব নোৱাৰে”।

উল্লেখ্য যে কংগ্ৰেছ দলৰ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ লগতে মঙলাবাৰে বিজেপি দলত যোগদান কৰে দুগৰাকীকৈ প্ৰাক্তন বিধয়াকে। কাছাৰৰ লক্ষীপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গুৱালা আৰু গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মোছাহাৰীও বিজেপিত যোগদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply