বিতোপন শইকীয়া

গোলাঘাট- গোলাঘাট জিলা ভ্ৰমনৰত বিজেপিৰ পৰ্যবেক্ষক তীব্ৰ বিক্ষোভৰ সন্মুখীন হৈছে গোলাঘাট বিধানসভা সমষ্টিত । সমষ্টিটোত অজন্তা নেওগ আৰু বিতোপন শইকীয়া পন্থীৰ মাজত উলম্ব বিভাজন স্পষ্ট ৰূপত প্ৰকাশ হৈছে বৰ্তমান সময়ত ।দলীয় পৰ্যবেক্ষকৰ সন্মুখত পুৰণি বিজেপি আৰু ন বিজেপিয়ে পৰিস্ফুট কৰিলে এই কথা।পৰ্যবেক্ষকৰ সন্মুখত পুৰণি বিজেপি কৰ্মীয়ে দিলে বিতোপন শইকীয়া জিন্দাবাদ ধ্বনি।তাকে দেখি ৰৈ নাথাকিল ন বিজেপিও।একেলগে ধ্বনিত হ’ল অজন্তা নেওগ জিন্দাবাদ। মুঠতে গোলাঘাট বিধান সভা সমষ্টিত দ্বিভাগত বিভক্ত বিজেপি হোৱাতো স্পষ্ট ৰূপত দেখা পালে ৰাজ্যিক পৰ্যবেক্ষক স্বপ্ননীল বৰুৱা ।

সোমবাৰে নিশাৰ ভাগত বিজেপিৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ দলটো। গোলাঘাট, সৰুপথাৰ আৰু দেৰগাঁও বিধান সভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ আহিছিল পৰ্যবেক্ষক গৰাকী।পৰ্যবেক্ষকৰ সন্মুখতে পুৰণি বিজেপিয়ে দিলে বিতোপন শইকীয়া জিন্দাবাদ।তাকে দেখি ন বিজেপিয়ে সমস্বৰে ধ্বনিত হ’ল অজন্তা নেওগ জিন্দাবাদ।দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ মাজত মাথো দুই এদিন আছে।তেনে সময়তো ন বিজেপি অজন্তা নেওগক লৈ গোলাঘাটত মুঠেই সন্তুষ্ট নহয় গৰিষ্ঠ সংখ্যক পুৰণি বিজেপি কৰ্মী ।

এনে প্ৰেক্ষাপটত দলীয় প্ৰাৰ্থীত্ব প্ৰদানত বিমোৰত পৰিছে বিজেপিৰ শীৰ্ষ মহল। যোৱাতো নিৰ্বাচনত দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা কৰা বিতোপন শইকীয়াই ক’লে, “দলৰ প্ৰস্তুতি সম্পূৰ্ণ, যোৱা নিৰ্বাচনৰ পিছৰে পৰা সমষ্টিটোত বিজেপিৰ কাম কাজ বোৰ চাই আহিছো । সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বহুজনেই বিচাৰিছে | সিদ্ধান্ত দলে ল’ব । অজন্তা নেওগে প্ৰাৰ্থিত্ব বিচাৰিছে নে নাই জ্ঞাত নহয় ।” আজি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো এতিয়ালৈ ন-পুৰণিৰ মাজত গোলাঘাটত চলি থকা যুঁজক বিজেপি নেতৃত্বই কেতিয়া সমাধান পথ দেখুৱাব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply