গুৱাহাটী – জাতীয়তাবাদী ভোট যাতে বিভাজন নহয় ইয়াৰ বাবে প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ। জাতীয়তাবাদী ভোট বিভাজনৰ দ্বাৰা যাতে বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল লাভম্বিত নহয় ইয়াৰ প্রতি লক্ষ্য ৰাখি মিত্ৰতাৰ চিন্তা চৰ্চা চলাইছে অসম জাতীয় পৰিষদে।

“কা”ৰ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিলে আঞ্চলিক ৰাজনৈতিক দল সমূহৰ লগত অসম জাতীয় পৰিষদ মিত্ৰতাৰ বাবে প্ৰস্তুত। বিজেপিক ২০২১ বৰ্ষত উৎখাত কৰিবলৈ আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ বাবে অসম জাতীয় পৰিষদে চিন্তা চৰ্চা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে।

সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি লুৰিণজ্যোতি গগৈয়ে কয় “বিজেপিক আগন্তক নিৰ্বাচনত উৎখাত কৰিবলৈ ৰাজ্যৰ প্ৰতিটো আঞ্চলিক আৰু জাতীয়তাবাদী দলৰ লগত একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অসম জাতীয় পৰিষদে আলোচনা আৰম্ভ কৰিছে। জাতীয়তাবাদী ভোট যাতে বিভাজন নহয় আৰু জাতীয়তাবাদী ভোট বিভাজনৰ দ্বাৰা যাতে বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ দল লাভম্বিত নহয় ইয়াৰ প্রতি লক্ষ্য ৰাখি মিত্ৰতাৰ চিন্তা চৰ্চা চলাইছে অসম জাতীয় পৰিষদে”।

অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা সন্দৰ্ভত আৰু কয় “ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ বুকুত উঠি, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অক্সিজেন গ্ৰহণ কৰি জীয়াই থকা আঞ্চলিক দলৰ লগত মিত্ৰতাৰ পৰা অসম জাতীয় পৰিষদ দল আঁতৰি থাকিব। সাম্প্ৰদায়িক ৰাজনৈতিক দল সমূহৰ লগতো অসম জাতীয় পৰিষদ মিত্ৰতাৰ বাবে আগুৱাই নাযায়”।

আগন্তক ২০২১ বর্ষৰ নিৰ্বাচিত অসম জাতীয় পৰিষদ কেইবাটাও লক্ষ্য আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাও উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ৰাজ্যৰ নিবনুৱা সকলক প্ৰতিমাহে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে কাৰিকৰী দিশত শিক্ষিত নিবনুৱা সকলক প্ৰতিমাহে ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব বুলিও সংবাদমেলত ঘোষণা কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতি গৰাকীয়ে।

অসম জাতীয় পৰিষদ আগন্তক ২০২১ বর্ষৰ নিৰ্বাচনত “ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন” নীতিৰে অৱতীৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে লুৰিণজ্যোতি গগৈয়ে। “ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন”ৰ মূল লক্ষ্য হ’ব অসম প্ৰতিঘৰ মানুহক উপাৰ্জনমুখী কৰি তোলা। ৰাজ্যৰ প্ৰতিঘৰ মানুহে যাতে নিজৰ ভৰিত থিয় হ’ব পাৰে ইয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে বুলিও মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।

অসমৰ ৰাইজক ভিক্ষাৰী হিচাপে গঢ়াৰ যিটো ষড়যন্ত্ৰ চলাইছে ইয়াৰ পৰা আমি অসমৰ ৰাইজক উদ্ধাৰ কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰি লুৰিণজ্যোতি গগৈয়ে কয় “বিজেপি চৰকাৰখনে বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজক লাইনত থিয় কৰিছে। আমি অসমৰ ৰাইজক এই লাইনৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে অসমৰ ৰাইজক উপাৰ্জনমুখী কৰিব লাগিব”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply