ৰঙিয়া – নতুন ৰাজনৈতিক দল ‘সন্মিলিত ঐক্যমঞ্চ’ৰ ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। চাহাবুদ্দিন আলী আহমেদ হ’ব ‘সন্মলিত ঐক্যমঞ্চ’ৰ ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী। চাহাবুদ্দিন আলী আহমেদ এবিএমচুৰ প্ৰাক্তন সভাপতি।
অসম বিধনাসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। শাসকীয় বিজেপি দলৰ সমানেই বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী যুঁজত। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। এই দুই আঞ্চলিক দলৰ লগতে নৱ গঠিত সন্মলিত ঐক্যমঞ্চও প্ৰস্তুত ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছৰ লগত যুঁজিবলৈ।
ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হৈছে যদিও বৰ্তমানলৈকে কোনো এটা দলে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ তালিকা। অন্যান্য ৰাজনৈতিক দল সমূহৰ পৰা এখোজ আগুৱাই সন্মলিত ঐক্যমঞ্চই ঘোষণা কৰিলে ৰঙিয়া সমষ্টিৰ নিজৰ প্ৰাৰ্থীৰ নাম। ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে নতুন দল সন্মিলিত ঐক্যমঞ্চই চাহাবুদ্দিন আলী আহমেদৰ নাম ঘোষণা কৰিলে।
৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সন্মিলিত ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত গণ অভিৱৰ্তনত দলটোৱে ৰঙিয়া সমষ্টিত চাহাবুদ্দিন আলী আহমেদ দলটোৰ প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰে। ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘সন্মিলিত ঐক্যমঞ্চ’ৰ উদ্যোগত ৰৌচান আলী আহমেদৰ সঞ্চালনত কাউৰবাহা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গণ অভিৱৰ্তন।
গণ অভিৱৰ্তনত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ৰঙিয়া বিধানসভা সমষ্টিত নিৰ্বাচনত ‘সন্মিলিত ঐক্যমঞ্চই স্থানীয় যুৱ নেতা তথা এবিএমচুৰ প্ৰাক্তন সভাপতি চাহাবুদ্দিন আলী আহমেদক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ নিৰ্বাচনৰ ফলাফলৰ পিছতে দেখিবলৈ পোৱা যাব ৰঙিয়াত চাহাবুদ্দিন আলী আহমেদৰ প্ৰভাৱ কি পৰে।