গুৱাহাটী – ছেম ষ্টাফৰ্ডৰ পৰিয়ালে কংগ্ৰেছলৈ দিলে প্ৰথমখন “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা। ছেম ষ্টাফৰ্ডৰ মাতৃ মামণি ষ্টাফৰ্ড “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা তুলি দিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ হাতত। ২০১৯ চনৰ “কা” বিৰোধী আন্দোলনৰ সময়ত শ্বহীদ হৈছিল গুৱাহাটীৰ হাতীগাঁও নিবাসী ১৭ বছৰীয়া যুৱক ছেম ষ্টাফৰ্ড।

আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে “কা”ৰ বিৰোধিতা কৰি আৰম্ভ কৰিছে এক বিশেষ কাৰ্যসূচী। “কা” বিৰোধী আন্দোলনত শ্বহীদ হোৱা সকলৰ সন্মানাৰ্থে কংগ্ৰেছৰ দলে গুৱাহাটীত এক স্মৃতিসৌধ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছে। নিৰ্মাণ হ’বলগীয়া এই শ্বহীদ স্মৃতিসৌধত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰিব “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা।

“কা” আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিসৌধত প্ৰদৰ্শন কৰিবলগীয়া “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা কংগ্ৰেছ দলে ৰাজ্যবাসীৰ পৰা বিচাৰিছে। কংগ্ৰেছে মুঠ ৫০ লাখ “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা সংগ্ৰহৰ লক্ষ্যলৈ ৰাজ্যবাসীৰ কাষ চাপিছে। ইতিমধ্যে এই ক্ষেত্ৰত দলটোৱে ৰাজ্যবাসীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি দলটোৱে দাবী কৰিছে।

কংগ্ৰেছ দলক “কা” আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিসৌধত প্ৰদৰ্শন কৰিবলগীয়া “কা” বিৰোধী বাৰ্তাসম্বলিত প্ৰথমখন গামোচা অৰ্পন কৰে ছেম ষ্টাফৰ্ডৰ পৰিয়ালে। ২০১৯ চনত “কা” আন্দোলনত সময়ত শ্বহীদ হোৱা ১৭ বছৰীয়া যুৱক ছেম ষ্টাফৰ্ডৰ মাতৃ মামণি ষ্টাফৰ্ডৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ হাতত তুলি দিয়ে প্ৰথমখন “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা।

ৰকিবুল হুছেইনৰ হাতত “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা তুলি দি মামণি ষ্টাফৰ্ড কয় যে “মোৰ পুত্ৰ উগ্ৰপন্থী নাছিল, মোৰ নিৰ্দোষী পুত্ৰক হত্যা কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে”? মোক ন্যায় লাগে বুলিও দাবী জনায় ছেমৰ মাতৃয়ে। ছেমৰ মাতৃৰ লগতে ছেমৰ পৰিয়ালৰ অন্যান্য সদস্য সকলো উপস্থিত থাকে কংগ্ৰেছ দলক গামোচা অৰ্পন কৰা সময়ছোৱাত।

ইফালে আৰ এছ এছৰ প্ৰাক্তন সদস্য মুকুল চন্দ্ৰ শইকীয়াই ৰকিবুল হুছেইনৰ হাতত “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা অৰ্পন কৰি “কা” বাতিলৰ দাবী জনায়। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে শুকুৰবাৰে কংগ্ৰেছৰ এই অভিযানত সঁহাৰি জনোৱা পৰিলক্ষিত হয়। বিভিন্নজনে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ হাতত “কা” বিৰোধী বাৰ্তাসম্বলিত গামোচা অৰ্পন কৰি “কা” বাতিলৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply