নিউজ ডেস্ক- বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহনৰ সময়ত পৰিস্থিতি শান্তিপূৰ্ণ ভাবে যাতে অতিবাহিত কৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে। নিৰ্বাচনৰ বাবে নগাওঁ, মৰিগাওঁ, হোজাইৰ একাংশ আৰু কামৰূপ মেট্ৰ’ জিলাৰ একাংশ অঞ্চলত ড্ৰাই ডে ঘোষণা কৰিছে। ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত এটা সমষ্টিত এজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

মৰিগাঁও জিলাৰ ১৮৭টা ভোট গ্ৰহণ কেন্দ্ৰত ১৮টা সমষ্টিৰ বাবে ৮৪১ গৰাকী বিষয়া কৰ্মচাৰীয়ে ভোট গ্ৰহণত অংশ লৈছে। পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হব। পুৱাৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰি শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে |

আনহাতে কভিড প্ৰটকল অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰত মাস্ক, গ্লোভচ, ছেনীটাইজাৰ আদিও যোগান ধৰিছে প্ৰশাসনে। উল্লেখ্য মৰিগাঁও জিলাত ১,৪৩,৬৫৫ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।

মুঠ ৪০৪টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ। মুঠ, ৩৬টা সমষ্টিত আছে ৪,৩৩,১৮৩জন ভোটাৰ। ইয়াৰে ২১৮২৪০জন পুৰুষ আৰু ২১৪৯৪২জন মহিলা ভোটাৰ বিপৰীতে এজন তৃতীয় লিংগৰ ভোটাৰো আছে।

কামৰূপ মেট্ৰ জিলাৰ নতুনকৈ অন্তভুক্ত কৰা ৬টা সমষ্টিৰ ১০০টা ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন কেন্দ্ৰত পুৱাৰে ভোটগ্ৰহন আৰম্ভ হৈছে | আমৰি কাৰবি সকলে এই এলেকাটো অন্তভুক্ত কৰাক লৈ প্ৰতিবাদ কৰি আহিছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply