নিউজ ডেস্ক– তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। বৰ্তমানলৈ এই নিৰ্বাচনৰ ফলাফলত ৭টা সমষ্টিৰ পাচোঁটা সমষ্টিতেই জয়ী হৈছে বিজেপি।

ফাংগৰা, গোভা, আমৰি,ভূৰবন্ধা আৰু ঢেকীফলা, লালুংপাৰ, জৰাবাৰী সমষ্টিত জয়ী বিজেপিৰ প্ৰাৰ্থী।

৩১নং লালুংপাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী মদন বৰদলৈয়ে এজিপি প্ৰাৰ্থী নগেন বৰদলৈক পৰাস্ত কৰি ২৭৫১টা ভোট লাভ কৰি জয় লাভ কৰে। নগেন বৰদলৈয়ে লাভ কৰে ১৫৯৭টা ভোট, কংগ্ৰেছৰ ৰঞ্জিত বসুমতাৰীয়ে লাভ কৰে ৮৭৪টা।

টোপাকুচি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰুজ কোঁৱৰে ২৭৭৭ টা ভোটত জয়লাভ কৰে আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জ্যোতিৰ্ময় কোঁৱৰে লাভ কৰে ৯৫৫ টা ভোট।

চহৰি সমষ্টি বিজেপিৰ প্ৰাৰ্থী মোহন সেনাপতিয়ে লাভ কৰে ২৯১১টা ভোট, কংগ্ৰেছৰ প্ৰাৰ্থী নিপুঞ্জ পাটৰে লাভ কৰে ২০১১টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী দ্বীপেন কোঁৱৰে লাভ কৰে ২১৭২টা ভোট।

আনহাতে জৰাবাৰী সমষ্টিত জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থী গীতামণি কলিতা ভূঞাই।

কামৰূপ মেট্ৰ’ৰ অন্তৰ্গত সোণাপুৰ আৰু ফাংগাৰী সমষ্টিত বি জে পি অগ্ৰগতি।

আমৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কাথাৰৰ জয়লাভ। আনহাতে বিনা প্ৰতিদ্বন্দিতাৰে গোভা সমষ্টিত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী মণিৰাম পাটৰে।

৫নং ঢেঁকীফলা সমষ্টিত বি জে পি প্ৰাৰ্থী বীণাপানি বৰদলৈ ৮০৩টা ভোটত অগ্ৰগতি, ৯নং দমাল সমষ্টিত প্রৱণ মান্তাৰ ৮৯৮টা ভোটত অগ্ৰগতি।

এটা সমষ্টিত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী লুনামণি বড়ো।

গৰমাৰী সমষ্টিত ৭৫টা ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থীগৰাকী। অগপই এই তিৱা নিৰ্বাচনত মাত্ৰ এখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

উল্লেখ‍্য যে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিত বিজেপি,এজিপি, কংগ্ৰেছ, তিৱা জাতীয় ঐক্য মঞ্চ,আম আদমী পাৰ্টিৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মৰিগাঁৱৰ ১৯টা সমষ্টি, নগাঁৱৰ ১০টা আৰু কামৰূপৰ ৬টা সমষ্টিত ১২৪গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰথম পৰ্যায়ৰ ভোট গণনাত ১৩ সমষ্টিত বিজেপিৰ অগ্ৰগতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply