হোজাই- ২৭ নং তিৱা স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা চলি থকাৰ মাজতেই হোজাইৰ শংকৰদেৱনগৰত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমনী বৰদলৈক ভোট গণনা কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। শংকৰদেৱনগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কাকী ২৭ নং তিৱা পৰিষদৰ ভোট গণনা কেন্দ্ৰত সৃষ্টি হয় এই উত্তেজনা।
যোৱা ১৭ ডিচেম্বৰত শান্তি-শৃংখলাৰ মাজেৰেই অনুষ্ঠিত হৈ যায় তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ইয়াৰ পাছতেই আজি নিৰ্বাচনী ফলাফলৰ ভোটগণনা চলি থকাৰ মাজতেই এই ধৰণৰ উত্তেজনাৰ খবৰ আহি পৰিছে।
বিজেপি সমৰ্থক আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।উল্লেখ্য যে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছক ধূলিসাৎ কৰি বৰ্তমানলৈ ১৮ খন আসনত বি জে পি য়ে জয়লাভ কৰিছে।