গুৱাহাটী– তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে এইবাৰ প্ৰতিদ্বন্দিতা কৰিব ৩৫ খন আসনত। বিজেপিয়ে প্ৰস্তুত কৰে ৩৫ জনীয়া আসনৰ প্ৰাৰ্থীৰ তালিকা। শুকুৰবাৰে বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত কাৰ্বি আংলংৰ সাংসদ হৰেনছিং ৱে’ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ ৩৫ জনীয়া আসনৰ প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে । ইয়াৰে বৰচিলাৰ আসন খন অসন গণ পৰিষদৰ বাবে এৰি দিয়া হৈছে বুলি সাংসদ গৰাকীয়ে ঘোষণা কৰে।

উল্লেখিত তালিকা অনুসৰি মৰিগাওঁ জিলাৰ ১৯খন আসনত বিজেপিৰ প্ৰাৰ্থী সকলে প্ৰতিদন্দ্বিতা কৰিব। জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্ম, বৰংগৰী সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দেউৰী, ভূৰবান্ধা সমষ্টিৰ বিনয় কোঁৱৰ, কোঁৱৰগাওঁ সমষ্টিৰ জীৱন চন্দ্ৰ কোঁৱৰ ঢেকীয়াপহলা সমষ্টিৰ বীনাপানি বৰদলৈ , মনিপুৰ সমষ্টিৰ আইমনি পাটৰ, গড়মাৰি সমষ্টিৰ মৰমী বৰদলৈ,ঘগুৱা সমষ্টিৰ মিহিৰাম বৰদলৈ, ডামাল সমষ্টিৰ পৱন মান্তা, তেতেলীয়া সমষ্টিৰ খগেন চন্দ্ৰ বৰদলৈ, জোনবিল সমষ্টিৰ বিনিতা দৈমাৰী, ন খোলা সমষ্টিৰ তুলসী বৰদলৈ, নিলেই খোলা সমষ্টিৰ জীৱন কোঁৱৰ, গোভা সমষ্টিত মনি পাটৰ, বিহুবৰী সমষ্টিৰ পীতাম্বৰ বৰদলৈ, শলমাৰা সমষ্টিৰ নয়নমনি দেউৰী, ভোমোৰাগুৰি সমষ্টিৰ দেৱকান্ত বৰদলৈ , বাৰপুজিয়া সমষ্টিৰ কমল বৰদলৈ আৰু জৰাবাৰী সমষ্টিৰ গীতামনি কলিতাই বিপেজি দলৰ হৈ প্ৰতিদন্দ্বিতা কৰিব।
কলীয়াবৰৰ চাৰিপুনীয়া চাবুকধৰা সমষ্টিৰ মদন দেউৰীয়ে প্ৰতিদন্দ্বিতা কৰিব। নগাওঁ জিলাৰ টপাকুছি সমষ্টিৰ পৰা সৰোজ কোৱঁৰ, পুখুৰীপাৰ সমষ্টিৰ পৰা বিশ্বজি্ত পাটৰ, জোঙালবলহু সমষ্টিৰ পৰা প্ৰণৱজ্য়োতি মছৰং, চহৰী সমষ্টিৰ পৰা মোহন সেনাপতি, লোটুমাৰী সমষ্টিৰ পৰা বিটু বৰদলৈ, কমাৰগাওঁ সমষ্টিৰ পৰা অজিত পাটৰ, নামবৰ লালুঙৰ পৰা ইন্দ্ৰ বৰদলৈ, লালুংপাৰ পৰা মদন বৰদলৈয়ে প্ৰতিদ্বন্দিতা কৰিব।
হোজাই জিলাৰ কাকী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব শুভাশিষ বসুমতাৰীয়ে।
আনহাৰে ডিমৰীয়া সমষ্টিৰ পৰা মিলেশ্বৰী দেউৰী, ডিগাৰুৰ পৰা জবা ইংতি, ক্ষেত্ৰীৰ পৰা দিব্য়লতা বৈশ্য়, সোণাপুৰৰ পৰা পৰেশ ৰাংহাং, আমপ্ৰি সমষ্টিৰ পৰা ভৱেশ কাথাৰ, ফুঙেৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব টিকেন বসুমতাৰীয়ে।