গুৱাহাটী – “কা”ৰ বিৰোধিতাৰে গঠন হোৱা দুই আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ’ল। শুকুৰবাৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। এই দুই আঞ্চলিক দলৰ মিত্ৰতাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৰাইজৰ দলক বাওঁপন্থী দল বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰাইজৰ দলৰ লগত কৰা মিত্রতাই অসম জাতীয় পৰিষদৰ আঞ্চলিকতাবাদী চৰিত্ৰত কালিমা সানিলে বুলিও এক বিবৃতিৰ যোগে প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে।

জাতীয়তাবাদৰ ভুৱা পােছাক পৰিধান কৰি অসমৰ ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ চেষ্টা চলাই থকা অসম জাতীয় পৰিষদে নিজৰ প্রকৃত চৰিত্ৰ ইতিমধ্যে ৰাইজৰ আগত দাঙি ধৰিলে। বাওঁপন্থী কৃষক মুক্তি সংগ্রাম সমিতিৰ ঔৰসত জন্ম লাভ কৰা ৰাইজৰ দলৰ লগত শেহতীয়াকৈ অসম জাতীয় পৰিষদে কৰা মিত্ৰতাৰ ফলত জলজল পটপটকৈ প্রতিফলিত হৈছে যে ক্ষমতাত অধিষ্ঠিত হােৱা লালসাত অসম জাতীয় পৰিষদে নিজৰ নাম মাত্র অস্তিত্বকে বিসর্জন দিলে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাক উদ্দেশ্যি বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গােস্বামীয়ে।

গােস্বামীয়ে কয় যে, এজন সহজ-সৰল অসমীয়া প্ৰণৱ বড়ােৰ অগ্নিদগ্ধ হৈ হৃদয়বিদাৰকভাৱে মৃত্যুৰৰণ কৰােতে হাজাৰ হাজাৰ অসমীয়াই চকুলাে টুকিছিল কিন্তু সেই আবেগিক সময়ত কৃষক মুক্তি নেতৃত্বাধীন সদস্যসকলে মুঠিয়ে মুঠিয়ে লাল চালাম দিছিল, সেই লালা চালাম কমিউনিষ্ট সকলে প্ৰদান কৰে। আজি সেই স্বাভিমানী অসমীয়াজনৰ মৃত্যুত লাল চালাম দিয়াসকলৰ লগত নিজকে জাতীয়বাদী শক্তি বুলি পৰিচয় দিয়া অসম জাতীয় পৰিষদে কেৱল মাত্র ক্ষমতাত অধিষ্ঠিত হ’বৰ বাবে হাত মিলােৱাটো অত্যন্ত লজ্জাজনক, এই কার্যই তেওঁলােকৰ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী চৰিত্ৰক বিলুপ্তি ঘটালে। মুখ্য মুখপাত্র গৰাকীয়ে লগতে কয় যে, ২০১৬ চনত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ গঠন হােৱাৰ পৰাই দুর্নীতিমুক্ত, সন্ত্রাসবাদমুক্ত, প্রদূষণমুক্ত, বিদেশীমুক্ত অসম গঢ়াৰ সংকল্প লৈ জনতাৰ ৰায়দানেৰে গঠন হােৱা সর্বানন্দ সােণােৱালৰ চৰকাৰখন যথেষ্ট সফল হৈছে।

শাসনৰ মাত্ৰ চাৰে চাৰিটা বছৰত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ যুটীয়া নেতৃত্বৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ আশীৰাদ তথা সহযােগত সমগ্র অসমৰ বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিটো কোণৰ প্ৰতিটো জাতি-জনগােষ্ঠীৰ লােক, প্রতি জন ভাষা-ভাষী, প্রতিজন ধর্মীয় সম্প্রদায় লােকে নিজৰ প্রাপ্য লাভ কৰি মর্যাদাসহকাৰে জীবন নির্বাহ কৰি সমাজত উন্নয়নৰ গতি অধিক তম্বিত হৈছে বুলি বিবৃতিৰ যোগে প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে।

কেৱল সেইয়াই নহয় ৰাজ্য চৰকাৰে দশকজোৰা অসমৰ জাতীয় সমস্যাসমূহক সমাধান কৰি তুলিবলৈ সামৰ্থ হৈছে । এনেকাৰণতেই তেওঁলােক শংকিত হৈছে যে, চৰকাৰে এনেধৰণে সমস্যাসমূহৰ সমাধান কৰিলে তেওঁলােকে সমাজত পুনৰ ভুৱা প্ৰচাৰ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিব নােৱাৰিব তথা ৰাজনীতি কৰাৰ কোনাে স্থল নাথাকিব আৰু সেয়ে সকলাে বাওঁপন্থী, ভুৱা জাতীয়তাবাদী সকল এতিয়া একেলগ হৈছে বুলি মুখ্য মুখপাত্র গৰাকীয়ে প্রকাশ কৰিছে। অৱশ্যে এনেধৰণৰ কাৰ্যক লৈ ৰাজ্যিক বিজেপি কোনাে কাৰণতেই চিন্তিত নহয়, কেৱল মাত্র তেওঁলােকৰ ভুৱা চৰিত্ৰক অসমৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতার্থে দাঙি ধৰিছাে বুলি বিবৃতি যােগে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গােস্বামীয়ে উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply