গুৱাহাটী – নতুন বছৰৰ প্ৰথমটো দিনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ পাঁচটাকৈ ঘোষণা। ২০২১ বৰ্ষত চৰকাৰ গঠন কৰিলে কংগ্ৰেছ দলে কৰিব এই পাঁচটাকৈ কাম। কৃষক, দৰিদ্ৰ আৰু নিবনুৱা সকলৰ সমস্যা সমাধান কৰাৰ লক্ষ্য কংগ্ৰেছ দলৰ। সাংবাদিকৰ সৈতে মান-বিনিময় অনুষ্ঠানত কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সকলৰ বাবে চৰকাৰ গঠনৰ পিছত কংগ্ৰেছ দলে গ্ৰহণ কৰিব লগীয়া আঁচনি সমূহ ঘোষণা কৰিলে ৰিপুন বৰাই।

নৱবর্ষৰ প্ৰথম দিনা ৰাজীৱ ভৱনত সাংবাদিকৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু দলৰ কেইবাগৰাকী নেতাৰ মত-বিনিময় অনুষ্ঠান। মত-বিনিময় অনুষ্ঠানত ৰিপুন বৰাই সাংবাদিক সকলক জানিবলৈ দিয় কয় যে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে কংগ্ৰেছ শাসিত ৰাজ্য সমূহৰ দৰে অসমতো কৃষক সকলৰ সকলো কৃষি ঋণ মাফ কৰিব কংগ্ৰেছে।

কৃষক সকলৰ কৃষি ঋণ মাফ কৰাৰ লগতে ৰাজ্যৰ মহিলা সকলে বিভিন্ন মইক্ৰ ফাইনেন্সেৰ পৰা লোৱা ঋণ সমূহো ২০২১ ত কংগ্ৰেছৰ চৰকাৰ আহিলে মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছ দলে। তৃতীয়তে কংগ্ৰেছ দলে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা পৰিয়ালক ৰাজীৱ গান্ধীৰ ন্যায় আঁচনিৰ অধীনত প্ৰতিমাহে ৭,৫০০ টকা প্ৰদান কৰিব।

চতুৰ্থতে ২০২১ ত দিছপুৰ দখল কৰিলে কংগ্ৰেছ দলে পুনৰ ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আঁচনিৰ অধীনত দুখীয়া পৰিয়াল সমূহক ১২০ ইউনিট বিদ্যুৎ মাচুল মাফ কৰাৰ কৰাৰ ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। আনহাতে ভয়াবহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বিশেষ গুৰুত্ব প্ৰদান কৰি প্ৰতিটো পৰিয়ালৰ এজন ব্যক্তিক চৰকাৰী তথা ব্যক্তিগত খণ্ডত চাকৰি প্ৰদনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৰিপুন বৰাই।

সাংবাদিকৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই জানিবলৈ দিয়ে যে কংগ্ৰেছ দলে কেৱল মাত্ৰ নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ এই পাঁচটাকৈ ঘোষণা কৰা নাই। কংগ্ৰেছ দলে এই ঘোষণা সমূহ বাস্তৱত ৰূপান্তৰিত কৰাৰ বাবে কেইবাগৰাকী বিশেষজ্ঞৰ সৈতে আলোচনা কৰিছে। বিশেষজ্ঞ সকলে এই সমূহ ঘোষণা বাস্তৱত ৰূপান্তৰিত কৰা সম্পূৰ্ণ সম্ভৱ বুলি জানিবলৈ দিছে বুলিও মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply