শােণিতপুৰ – বিজেপি দল পুঁজিপতি আম্বানী-আদানীৰহে স্বাৰ্থ ৰক্ষাকাৰী বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপুর্ব কুমাৰ ভট্টাচাৰ্যৰ। শােণিতপুৰ জিলা কংগ্ৰেছ কমিটি কার্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰ সচাকৈয়ে কৃষক বিৰােধী, কংগ্ৰেছ দল কৃষকৰ সমর্থনত বুলি মন্তব্য অপুর্ব কুমাৰ ভট্টাচাৰ্যৰ।
‘সবকা সাথ সবকা বিকাশ’ৰ কথা কোৱা বিজেপি চৰকাৰৰ স্বৈৰাচাৰী মানসিকতাৰ বাবে আজি এক ডিগ্রীলৈ নমা ঠাণ্ডাৰ প্রকোপতাে দেশৰ অন্নদাতা কৃষকসকলে এমাহলৈ দিল্লীৰ ৰাজপথ অৱৰােধ কৰিবলগীয়া হৈছে। ইমান প্রতিবাদৰ পিছতাে একপক্ষীয়ভাৱে জাপি দিয়া তিনিখনকৈ ক’লা কৃষি আইন বাতিল কৰা নাই বিজেপি চৰকাৰে। ইয়াৰ দ্বাৰা বিজেপিয়ে প্রমাণ কৰিলে যে তেওঁলােক দেশ অর্থনৈতিক শক্তি, অন্নদাতা কৃষকৰ বন্ধুৰ নহয়, তেওঁলােক পুঁজিপতি আম্বানী-আদানীৰহে স্বাৰ্থ ৰক্ষাকাৰী বুলি বিজেপিক আক্ৰমণ অপুর্ব কুমাৰ ভট্টাচাৰ্যৰ।
আমাৰ অসমৰ কৃষক সকলে হয়তাে বিজেপিৰ এই দৰিদ্ৰ বিৰােধী ভুমিকা বুজি পােৱা নাই। নিজৰ কষ্টোপার্জিত শষ্য বিক্ৰী কৰিবলৈ গৈ যেতিয়া প্রাপ্য মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে তাৰ কাৰণ কি? বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে আঠবাৰকৈ আলােচনাৰ পিছতাে আন্দোলনকাৰী কৃষক সকলক আইনৰ সুফল বুজাব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে অপুর্ব কুমাৰ ভট্টাচাৰ্যই। প্রায় ৮০ শতাংশ কৃষকৰ দেশ ভাৰতত যদি কৃষকৰ ভৱিষ্যত সুৰক্ষিত নহয়, তেন্তে দেশৰ ভৱিষ্যতাে সুৰক্ষিত নহয় বুলি সংবাদ মেলত মন্তব্য কৰে অপুর্ব কুমাৰ ভট্টাচাৰ্যই।
বৃটিছৰ আমােলতাে আমি বহু কঠোৰ আইনৰ সন্মুখীন হৈছিলাে কিন্তু আমাৰ তেতিয়াৰ গণতান্ত্রিক প্রতিবাদত বৃটিছ শাসকেও কঠোৰ আইন বাতিল কৰিবলৈ বাধ্য হৈছিল। বর্তমান সময়ত এখন গণতান্ত্রিক বুলি দাবী কৰা চৰকাৰৰ শাসনত কেইবাগৰাকী কৃষকে ৰাজপথত প্রাণাহুতি দিয়াৰ পিছতাে বিজেপি চৰকাৰ আকোৰগােজ হৈ আছে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল বৃটিছৰ আমােলতাে দেশৰ চালিকা শক্তি কৃষকৰ লগত আছিলোঁ আৰু আজিও অন্নদাতা কৃষকৰ লগত আছে, ভৱিষ্যতেও থাকিম বুলি জানিবলৈ দিয়ে অপুর্ব কুমাৰ ভট্টাচাৰ্যই।
বিজেপিয়ে সকলাে মিত্র শক্তিকে গ্ৰাস কৰি নিজৰ শক্তি বৃদ্ধি কৰিব লৈ ষড়যন্ত্রত লিপ্ত হৈছে। উদাহৰণস্বৰূপে গণশক্তি, বিপিএফ আৰু এতিয়া অসম গন পৰিষদ দলক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। কংগ্ৰেছ দলে কেতিয়াও নিজৰ মিত্র শক্তিক গ্রাস কৰা নাই আৰু কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা নাই বুলি মন্তব্য কৰি বিজেপিক আক্ৰমণ চলায় অপুর্ব কুমাৰ ভট্টাচাৰ্যই।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি অপুর্ব কুমাৰ ভট্টাচাৰ্যই কয় “পৰৰ পিঠাৰে হিমন্ত আৰু সােণাৱালে এতিয়া বিহু পতাত ব্যস্ত। আগন্তুক বিধানসভা নির্বাচনত জয়ী হােৱাৰ লক্ষ্যৰে বিজেপি চৰকাৰে ৰাজ্যবাসীৰ জনে প্রতি প্রায় ২৪ হাজাৰ টকাৰ ঋণৰ বােজা জাপি দি বিভিন্ন আঁচনিৰ নামত ধনৰ শৰাধ কৰিব লাগিছে। যদি জনকল্যানেই উদ্দেশ্য আছিল তেন্তে ইমান দিনে শুই আছিল কিয়”?