বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন ডাঃ তাৰাপ্ৰসাদ দাসৰ

বৰপেটা – আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন ডাঃ তাৰাপ্ৰসাদ দাসৰ৷ পুনৰ কংগ্ৰেছলৈ উভতি আহিছে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাস৷

পুনৰ কংগ্ৰেছলৈ উভতি আহিছে টি পি দাস ওৰফে ডাঃ তাৰাপ্ৰসাদ দাস৷ অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাস দীৰ্ঘ বিৰতিৰ পিছত সোমবাৰে উপস্থিত হয় বৰপেটা ৰাজীৱ ভৱনত৷ কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয় হিচাপে দুবাৰকৈ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ডাঃ তাৰাপ্ৰসাদ দাস বৰপেটা জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছ দলৰ সদস্য পদ গ্ৰহন কৰে৷

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে বৰপেটাৰ ৰাজীৱ ভৱনত উপস্থিত হৈ নিজকে আজন্ম কংগ্ৰেছী বুলি সাংবাদিকৰ আগত চিনাকি দিয়ে ডাঃ তাৰাপ্ৰসাদ দাস। বৰপেটাৰ ৰাজীৱ ভৱনত উপস্থিত হোৱা ডাঃ তাৰাপ্ৰসাদ দাসৰ ইচ্ছা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বৰপেটাৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা৷

বিধায়ক হিচাপে দুটাকৈ কাৰ্যকালত সৰুক্ষেত্ৰী সমষ্টিৰ উন্নয়নত সফল ভূমিকা গ্ৰহন কৰি অহা ডাঃ তাৰাপ্ৰসাদ দাসৰ মন শংকৰ-মাধৱ গুৰু দুজনাৰ পীঠস্থান বৰপেটাৰ উন্নয়নৰ অংশীদাৰ হোৱা৷ অৱশ্যে নিজৰ অতীতৰ কথা সুৱৰি লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে কয় “মই ভাল বা বেয়া সেইটো নহয়, মোৰ কাম কৰাৰ যি স্পৃহা বা কাম কৰাৰ যিটো অভিজ্ঞতা সেয়া চাই ৰাইজে ভোট দিব”৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply