গুৱাহাটী – অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম ভ্ৰমণলৈ অহা দেশৰ প্ৰধানমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ কেইবাটাও প্ৰশ্ন। ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে ৰিপুন বৰাই। অহা ৭ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এক বিশাল জনসভাত। প্ৰধানমন্ত্ৰীৰ ঢেকীয়াজুলি ভ্ৰমণৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কৰে কেইবাটাও প্ৰশ্ন।
নৰেন্দ্ৰ মােদীয়ে ২০১৬ চনৰ মে’ৰ পিছত বাংলাদেশীয়ে টালি টোপােলা বান্ধিব লাগিব বুলি হুংকাৰ দিছিল। বিজেপি দলৰ মতে অসমত সৰ্বমুঠ ৫০ লাখ অবৈধ বাংলাদেশী আছে। খােদ গৃহ মন্ত্রনালয়ৰ তথ্য অনুসৰি ২০১৬ চনত সমগ্র দেশৰ পৰা ৩০৮ গৰাকী, ২০১৭ চনত ৫১ গৰাকী, ২০১৮ আৰু ১৯ চনত প্রায় ৫০ গৰাকী বাংলাদেশীকহে বিতাড়ন কৰা হৈছে। এতিয়া প্রধানমন্ত্রীয়ে তেওঁৰ অক্ষমনীয় ব্যর্থতাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিবনে বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই। দ্বিতীয়তে ১৯৬৯ চনৰ পৰা অসমে যি বিশেষ ৰাজ্যৰ মর্যাদা লাভ কৰিছিল তাক নৰেন্দ্ৰ মােদী চৰকাৰে কিয় কর্তন কৰিলে? ২০১৮ চনৰ এপ্রিল মাহত অসম চৰকাৰৰ মুখ্য সচিবজনে অসমৰ ক্ষেত্ৰত প্রযােজ্য হৈ থকা বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মর্যাদা উঠাই লােৱাৰ পৰিনতিত সেই সময়লৈ অসমে ৮,৪০০ কৌটি টকা লােকচান ভৰিব লগা হৈছিল বুলি প্ৰকাশ কৰিছিল। ইয়াৰ বাবে বৰ্তমানৰ সোণোৱাল চৰকাৰখনে প্ৰতিটো কামৰ বাবে ধাৰ কৰিব লগা হৈছে। মােদীয়ে অসমৰ প্রতি এই চুড়ান্ত অন্যায় কিয় কৰিলে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই।
‘অসম ভিজন ডকুমেন্ট ২০১৬ ত বিজেপি দলে অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি কথা দিছিল। নাগৰিকত্ব সংশােধনী আইন ২০১৯ ৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত অহা হিন্দু বাংলাদেশীসকলক অসমত নাগৰিকত্ব দিব বিচৰা বিজেপি দলে অসম চুক্তি এতিয়া কেনেদৰে আখৰে আখৰে পালন কৰিব বুলি ৰিপুন বৰাই প্ৰধানমন্ত্ৰীক তৃতীয়টো প্ৰশ্ন কৰে। চতুৰ্থ প্ৰশ্নত ৰিপুন বৰাই কয় ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হাতত প্রতিবেদন অর্পন কৰিছিল। আজি প্রায় এবছৰ হ’ল ভাৰত চৰকাৰে এই প্রতিবেদন সন্দৰ্ভত টু শব্দ এটাও নকলে। ৰূপায়নটো দূৰৰে কথা। অসমৰ মানুহৰ প্রতি মােদীৰ ইমান বৈষম্য কিয়?
পঞ্চমত অসমৰ ৬ টা জনগােষ্ঠীক বাৰম্বাৰ প্রতিশ্রুতি দিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে কিয় জনজাতিকৰণ কৰিব নােৱাৰিলে আৰু ষষ্ঠ প্রশ্নত ৰিপুন বৰাই বছৰি ২ কোটি লােকক সংস্থাপন প্রদান কৰাৰ ভুৱা প্রতিশ্রুতি দিয়া মােদী চৰকাৰে এইবাৰৰ বাজেটত কর্ম সংস্থাপন সৃষ্টি প্রসংগ একেবাৰে উল্লেখ নকৰিলে। মােদীয়ে এইবাৰৰ বাজেটখনৰ জৰিয়তে পৰােক্ষভাৱে নিজৰ অক্ষমনীয় ব্যর্থতা মানি লৈছে নেকি বুলি ৰিপুন বৰাই প্ৰশ্ন কৰে।