বঙাইগাঁও – বঙাইগাঁৱত বিভিন্ন দল-সংগঠনৰ ছয় শতাধিক লোকৰ অগপত যোগদান। বঙাইগাঁও বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বঙাইগাঁও বিধানসভা পৰিষদৰ উদ্যোগত অসম গণ পৰিষদ দলৰ যোগদান কাৰ্যসূচীত ছয় শতাধিক লোকৰ অগপত যোগদান কৰে।
বঙাইগাঁও বিধানসভা সমষ্টি অধীনত বঙাইগাঁও টাউন, ঢালিগাঁও, বিদ্যাপুৰ, চাপৰাকাতা, দাংতল, পোপৰাগাঁও, চিকিবিকি আদি অঞ্চলৰ কংগ্ৰছ, ৰাইজৰ দলৰ লগতে বিভিন্ন দল-সংগঠনৰ ছয় শতাধিক লোকে অগপৰ জ্যেষ্ঠ নেতা আৰু ৰাজ্যিক মন্ত্ৰী ফণী ভূষণ চৌধুৰী উপস্থিতত অগপত যোগদান কৰে।
উক্ত যোগদান সভাত অগপৰ জ্যেষ্ঠ নেতা আৰু ৰাজ্যিক মন্ত্ৰী ফণী ভূষণ চৌধুৰী লগতে বঙাইগাঁও জিলা অগপৰ সভাপতি বিজয় সিংহ, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, অগপৰ কেন্দ্ৰীয় পদাধিকাৰী নীৰেন ৰায়, কেশৱ ডেকা, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী আৰু অসম মহিলা পৰিষদ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী লিনা সিংহ আদি উপস্থিত থাকে ।