গোলাঘাট – ব্যতিক্ৰমী ৰূপত প্ৰচাৰ চলালে গোলাঘাটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিতোপন শইকীয়াই। বজাৰত প্ৰয়োজনীয় সামগ্রী ক্ৰয় কৰি প্ৰচাৰ চলালে বিতোপন শইকীয়াই। বজাৰে বজাৰে, দোকান দোকান গৈ প্ৰচাৰ বিতোপন শইকীয়াৰ। অজন্তা নেওগৰ লগত মূল যুঁজখন হ’ব বিতোপন শইকীয়াৰ।

গোলাঘাটৰ ৰাজনৈতিক পৰিৱেশ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ পৃথক নহয়। গোলাঘাটত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ যুঁজখন পুনৰ দেখিবলৈ পোৱা যাব। পুনৰ দুই প্ৰাৰ্থী গোলাঘাটত সন্মুখৰ পৰা যুঁজিব নিৰ্বাচনী যুঁজত। প্ৰাৰ্থী একে, সলনি হৈছে মাত্ৰ দলৰ।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ গোলাঘাটৰ প্ৰাৰ্থী এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী ২০২১ ত হৈছে বিজেপি দলৰ প্ৰাৰ্থী। বিতোপন শইকীয়া আৰু অজন্তা নেওগ দল সলনি কৰি যুঁজিব গোলাঘাটত।

বহু বছৰ ধৰি গোলাঘাটত বিজেপি দলৰ হৈ কাম কৰা বিতোপন শইকীয়া এতিয়া গোলাঘাটৰ বজাৰে বজাৰে, দোকান দোকানে প্ৰচাৰ চলাইছে কংগ্ৰেছৰ হৈ। বিজেপি দলৰ হৈ বহু বছৰ কাম কৰিও টিকট লাভৰ পৰা বঞ্চিত হৈ বিতোপন শইকীয়াই যোগদান কৰিছিল কংগ্ৰেছত। কংগ্ৰেছেও বিতোপন শইকীয়াক দললৈ আদৰি আনি প্ৰদান কৰিলে প্ৰাৰ্থীত্ব।

ইফালে অজন্তা নেওগ গোলাঘাটৰ কংগ্ৰেছ দলৰ বিধায়িকা হৈও ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা টুপী পৰিধনা কৰি দলটোৰ হৈ পৰিছিল। ২০১৬ চনত কংগ্ৰেছৰ হৈ বিজেপি দলৰ প্ৰাৰ্থী বিতোপন শইকীয়াৰ বিৰুদ্ধে যুঁজা অজন্তা নেওগ এইবাৰ পুনৰ বিজেপিৰ হৈ কংগ্ৰেছৰ একেজন বিতোপন শইকীয়াৰ বিৰুদ্ধে যুঁজিব। প্ৰাৰ্থী একেজন, কেৱল সলনি হৈছে দলৰ।

যোৱাবাৰ অজন্তা নেওগৰ হাতত পৰাস্ত হৈছিল যদিও এইবাৰ পুনৰ অজন্তা নেওগক সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাবলৈ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে বিতোপন শইকীয়াক। ইতিমধ্যে বিতোপন শইকীয়াই আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। গোলাঘাটৰ বজাৰে বজাৰে, দোকানে দোকানে গৈ বিতোপন শইকীয়াই প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply