যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

কামপুৰ – ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰুবুল দাসৰ মন্তব্য। বদৰুদ্দিন আজমলক লগত লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে প্ৰদ্যুৎ বৰদলৈয়ে বুলি মন্তব্য ৰুবুল দাসৰ। ৰাইজৰ দলক সমালোচনা কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অখিল গগৈ বদৰুদ্দিন আজমল এসময়ত মিত্ৰ আছিল এতিয়া বিৰোধিতা কিয় কৰিছে বুলি মন্তব্য কৰিছিল।

ৰাইজৰ দলে সাম্প্ৰদায়িক দল এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে বুলি কৈ সেই দলৰ সৈতে সম্পৰ্ক থকা দলৰ সৈতেও মিত্ৰতা নকৰে বুলি মন্তব্য কৰাৰ পিছতেই ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। দেওবাৰে প্ৰদ্যুৎ বৰদলৈক উভতি ধৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰুবুল দাসে।

নগাঁও জিলাৰ ৰহা বিধনাসভা সমষ্টিৰ লুটুমাৰী খেৰণিত ৰাইজৰ দলৰ আঞ্চলিক‌ সমিতি গঠনৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰুবুল দাসে মন্তব্য কৰে “বদৰুদ্দিন আজমকল লগত লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে প্ৰদ্যুৎ বৰদলৈয়ে”। ৰুবুল দাসে ৰাইজৰ দলৰ বাবে গাঁৱে-ভূঁৱে প্ৰচাৰ চলাবলৈ আহ্বান জনায় দলৰ সদস্যসকলক। উক্ত সমিতিখনত মন্টু গগৈক ৰাইজৰ দলৰ সভাপতি আৰু চন্ত ৰাম কোঁৱৰক সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মুখ্যমন্ত্ৰী হোৱাৰ আশা পূৰণ হ’বলৈ ৰাইজে নিদিয়ে বুলিও উল্লেখ কৰে। ৰাইজৰ দলে ২০২১ ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব বুলিও মত প্ৰকাশ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰুবুল দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply