গুৱাহাটী – মিত্ৰদল এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ মন্তব্য। বদৰুদ্দিন আজমলে হিন্দু ধৰ্মক কেতিয়াও আক্ৰমণ কৰা নাই বুলি মন্তব্য ৰিপুন বৰাৰ। মিত্ৰতা থকা দল সমূহক সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ আহ্বান ৰিপুন বৰাৰ। এ আই ইউ ডি এফ দলে বৰ্তমানলৈকে লক্ষ্মণ ৰেখা অতিক্ৰম কৰা নাই।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত কিছুদিন পূৰ্বে এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলে এক সভাত অংশগ্ৰহণ কৰি বিজেপি দলক আক্ৰমণ চলাই মন্তব্য প্ৰকাশ কৰিছিল যে বিজেপি শাসনলৈ আহিলে মছজিদ সমূহ ভাঙি দিয়া হ’ব। বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আগন্তক বিধানসভা নিৰ্বাচনকলৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা পিছতে এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্যকলৈ বিপাঙত পৰা দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ দলক।
অৱশেষত সোমবাৰে বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বদৰুদ্দিন আজমলে কেতিয়াও হিন্দু ধৰ্মক আক্ৰমণ কৰা নাই। বদৰুদ্দিন আজমলে বিজেপিৰ চৰকাৰ গঠন হলে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ইয়াৰ আকাংশহে প্ৰকাশ কৰিছে। আনহাতে নলবাৰীত দেওবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে কেৰেলাত মুছলিম লীগ আৰু অসমত এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাকলৈ কংগ্ৰেছ দলক সমালোচনা কৰা সন্দৰ্ভত ৰিপুন বৰাই কয় যে কেৰেলাৰ মুছলিম লীগ আৰু এ আই ইউ ডি এফ দলক ভাৰতৰ সংবিধানে সাম্প্ৰদায়িক বুলি কোৱা নাই, নিৰ্বাচন আয়োগে এই দল দুটাক সাম্প্ৰদায়িক দল বুলিও কোৱা নাই, এই দল দুটা ভাৰত বিৰোধী দল নহয়।
বিজেপিয়ে কিন্ত কাশ্মীৰত ভাৰত বিৰোধী পি ডি পিৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাই কয় সাংসদ ভৱনত আক্ৰমণ কৰা আফজল গুৰুক শ্বহীদ বুলি ঘোষণা কৰা পি ডি পিৰ লগত বিজেপি দলৰ মিত্ৰতা আছিল। বিজেপিয়ে সাম্প্ৰদায়িক বুলি কোৱা এ আই ইউ ডি এফ দলৰ লগত মিলি অসমত জিলা পৰিষদ চলাই থকাৰ কথাও উল্লেখ কৰি ৰিপুন বৰাই বিজেপিক তীব্ৰ আক্ৰমণ চলায়।
সংবাদ মেলত উপস্থিত থাকি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় বিজেপিয়ে দেশৰ নেতা সকলক হাইজেক কৰি আছে। বিজেপিৰ নিজা নেতা নাই বাবে তেওঁলোকে চৰ্দাৰ বল্লভভাই পেটেলক হাইজেক কৰিলে, এতিয়া নেতাজি সুভাষ চন্দ্ৰ বসুক হাইজেক কৰাৰ চেষ্টা চলাই আছে। প্ৰদ্যুৎ বৰদলৈয়ে লগতে কয় যে মহাজোঁট বন্ধনত থকা সকলো দলক লক্ষ্মণ ৰেখাৰ মাজত থাকিবলৈ কোৱা হৈছে। লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলে মাফ কৰা নহ’ব। এ আই ইউ ডি এফ দলে বৰ্তমানলৈকে লক্ষ্মণ ৰেখা অতিক্ৰম কৰা নাই বুলিও কয় প্ৰদ্যুৎ বৰদলৈয়ে।