নগাঁও – এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ত্ৰাণকৰ্তা বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোবোৰ ৰাজনৈতিক দলেই বদৰুদ্দিন আজমলক নেতা মানি ৰাজনৈতিক পথাৰত ভৰি দিয়া বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসমত পুনৰ বিজেপিৰেই চৰকাৰ হ’ব বুলিও মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসম বিধানসভাত গ্ৰহণ কৰা প্ৰতিখন আইনেই ২০২১ চনৰ পৰা প্ৰযোজ্য হ’ব। ছয় জনগোষ্ঠীৰ জনজাতিকাৰণৰ কামো আগবাঢ়িছে বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
গণৰাজ্য দিৱস উপলক্ষে নগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস অনুষ্ঠানৰ অন্তত বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।