গুৱাহাটী – আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই বৃহস্পতিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দলক তীব্ৰ আক্ৰমণ চলায়। অজিত কুমাৰ ভূঞাই সংবাদমেলত কয় যে সুশাসনৰ নামত বিজেপি দলে ৰাইজক ধ্বংসৰ মুখলৈ ঠেলি দিছে। বিজেপি দলৰ বিজ্ঞাপনবোৰ চালে এনে অনুভৱ হয় যেন এতিয়া দেশ তথা ৰাজ্যত কোনো সমস্যাই নাই।

নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক গণ মৰ্চাৰ সভাপতি গৰাকীয়ে কয় যে বৰ্তমানৰ চলিছে দলঙ, ৰঙা স্কুটী, বিজেপি দলৰ ৰাজনীতি নেতা সকলৰ ফটো আৰু আধাৰশিলাৰ ৰাজনীতি। বিজেপি দলে বিশাল বিশাল জনসভাৰ নামত খৰচ কৰিছে কোটি কোটি টকা। এই টকা সৰ্বসাধাৰণ ৰাইজৰ টকা, বিজেপিয়ে চৰকাৰী কামৰ পৰিবৰ্তে দলৰ কামত সৰ্বসাধাৰণ ৰাইজৰ টকা খৰচ কৰিছে বুলিও মন্তব্য কৰে অজিত কুমাৰ ভূঞাই।

বিজেপিয়ে ২০১৬ চনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ কোনো পদক্ষেপেই নাই বিজেপি দলৰ। ছয় নম্বৰ প্ৰতিবেদন ক’ত আছে বুলি বিজেপিক প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই। বিজেপি দলে কোনো উনয়নমূলক কাম কৰা নাই বুলি অভিযোগ উত্থাপন কৰি অজিত কুমাৰ ভূঞাই কয় বিজেপিয়ে কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰিছে।

বিজেপি চৰকাৰখন পুঁজিপতিৰ চৰকাৰ বুলি মন্তব্য কৰি অজিত কুমাৰ ভূঞাই কয় যে বিজেপিয়ে বিমান বন্দৰৰ লগতে বিমান বন্দৰৰ ভূমি বিক্ৰী কৰিলে। কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তুলিব নোৱাৰা বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কয়। অনাগত দিনত বিজেপিয়ে শিক্ষা খণ্ডও বিক্ৰী কৰিব বুলি কয় অজিত কুমাৰ ভূঞাই।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত অজিত কুমাৰ ভূঞাই কয় যে অসমত ক্ষমতা হেৰুওৱাৰ ভয় খাইছে বিজেপিয়ে, সেইহে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ নেতা সকলে অসমলৈ আহি আছে। আনহাতে কৃষি আইনকলৈ চলি থকা কৃষক আন্দোলন সন্দৰ্ভত অজিত কুমাৰ ভূঞাই কয় যে তিনিখন কৃষি আইনৰ প্ৰভাৱ অনাগত দিনত অসমত পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply