বিজেপিয়ে ধন,জন,শক্তি প্ৰয়োগ কৰি আসন দখল কৰিছে : প্ৰফুল্ল কুমাৰ মহন্ত

নগাঁও – নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিস্ফোৰণ। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ধন, জন, শক্তি প্ৰয়োগ কৰি আসন দখল কৰিছে। অগপ দলৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ ওচৰত প্ৰায় আত্মসমৰ্পণ কৰিছে।

যোৱা ১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা শনিবাৰে পুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল বিজেপিৰ পক্ষত গৈছে আৰু ইতিমধ্যে বিজেপিয়ে পৰিষদ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে।

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিস্ফোৰণ ঘটাইছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ধন, জন, শক্তি প্ৰয়োগ কৰি আসন দখল কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

নগাঁৱত সংবাদ মাধ্যমৰ ওচৰত বিস্ফোৰণ ঘটাই অগপৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে কয় যে, ই গণতন্ত্ৰৰ বাবে এক সকিয়নী। গণতন্ত্ৰত বিশ্বাসী ৰাজনৈতিক দলবিলাকে অসমৰ স্বাৰ্থত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক একগোট কৰি বৃহৎ অসমীয়া জাতি গঠন কৰাৰ প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ পৰা নীৰৱে থকা পৰিলক্ষিত হৈছে।

ইফালে অগপ দলৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ ওচৰত প্ৰায় আত্মসমৰ্পণ কৰিছে বুলি আন এক বিস্ফোৰক ঘটায় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অগপ দলৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাত অগপ দল ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰক্ষেপ কৰা দুয়োগৰাকী প্ৰাৰ্থী পৰাজিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply