বিজেপিয়ে ৩২ খনতকৈও অধিক আসন লাভ কৰিব

মৰিগাঁও – বিজেপিৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমা কান্ত ডেউৰীৰ দাবী তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ৩২ খনতকৈও অধিক আসন লাভ কৰিব। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পাৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে জনায় মৰিগাঁৱৰ বিধায়ক গৰাকীয়ে। ৰমা কান্ত ডেউৰীৰ দাবীক নৎস্যাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ বৰদলৈৰ।

বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। কামৰূপ মহানগৰ, নগাঁও, মৰিগাঁও আৰু হোজাই জিলাত অনুষ্ঠিত হৈছে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা মাজতে বিজেপি দলৰ মৰিগাঁও জিলাৰ বিধায়ক ৰমা কান্ত দেউৰীৰ বৃহৎ দাবী।

মৰিগাঁও জিলাৰ বিধায়ক গৰাকীয়ে কয় যে “তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ৩০ ৰ পৰা ৩২ খন আসন লাভ কৰাটো নিশ্চিত। বিজেপিয়ে ৩০ ৰ পৰা ৩২ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পাৰিষদ গঠন কৰিব”। ৰমা কান্ত দেউৰীয়ে পৱন মান্তাক আক্ৰমণ কৰি কয় “পৱন মান্তা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছিল”।

পুৱা ৭.৩০ পৰা আৰম্ভ হোৱা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমানলিকে শান্তিপূৰ্ণ ভাৱে চলি আছে।মৰিগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ১৮ নং চাৰিপুনীয়া চাবুকধৰা আৰু ১৯ নং বৰচিলা পৰিষদীয় সমষ্টিত ভোট গ্ৰহন প্ৰক্ৰিয়া অব্যাহত আছে। ভোটাধিকাৰ সাব্যস্তৰ পিছত ৰমা কান্ত দেউৰীৰ দাবীক সম্পূৰ্ণ নৎস্যাত কৰে ১৯ নং বৰচিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ বৰদলৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply