গুৱাহাটী – কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত পাঁচটাকৈ ৰাজনৈতিক দলৰ মিত্ৰজোঁট। বিজেপিৰ গতিক ৰোধ কৰিবলৈ বাঘে-হৰিণাই একেটা ঘাটতে পানী খাইছে। পাঁচটাকৈ ৰাজনৈতিক দলৰ মিত্ৰজোঁট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে। বিৰােধীয়ে যিমানেই মিত্ৰজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয়। বিজেপিৰ অভিধানত প্ৰত্যাহ্বান নামৰ কোনাে শব্দ নাই বুলি মন্তব্য ৰণজিৎ কুমাৰ দাসৰ।
কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু আন কেইবাটাও ৰাজনৈতিক দলৰ মিত্ৰজোঁট সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, বিৰােধীয়ে যিমানেই মিত্ৰজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয়। এনেধৰণৰ মিত্ৰজোঁট পূর্বেও বিজেপিক কোনাে ক্ষতি কৰিব পৰা নাছিল আৰু আগলৈও নকৰে। দলৰ কামকাজ আৰু চৰকাৰৰ সফলতা মিলি বিজেপিয়ে সমাগত বিধানসভা নির্বাচনত ১০০ খন আসনত বিজয়ী হােৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে।
সংখ্যালঘু সম্প্রদায়ৰ লােকসকল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহতীয়া নহয় বুলি উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয় যে, বিজেপিৰ প্রতি আস্থা প্রকাশ কৰা সংখ্যালঘু সম্প্রদায়ৰ লােকসকলে এইবাৰ বিজেপিক বিবেক ভােটৰ দ্বাৰা জয়যুক্ত কৰিব। বিজেপিৰ অভিধানত প্রত্যাহ্বান নামৰ কোনাে শব্দ নাই বুলি উল্লেখ কৰি স্বাভিমানী অসমীয়া, ভাৰতীয় সকল বিজেপিৰ লগত আছে আৰু তেওঁলােকৰ আশীর্বাদেৰে দলটো আগবাঢ়ি যাব বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে।
জনবিৰােধী কংগ্ৰেছ আৰু বিদেশীৰ সমৰ্থনত সৃষ্টি হােৱা এ আই ইউ ডি এফ দলৰ মিত্ৰজোঁটক উজনি অসমৰ ৰাইজে ঘৃণা দৃষ্টিৰে চাইছে। এইবাৰ উজনি অসমৰ ৰাইজৰ আশীৰ্বাদত বিজেপিয়ে গােলাঘাট, সৰুপথাৰ, তিতাবৰ, ডুমডুমা, নাওঁবৈচা, শিৱসাগৰ, মৰিয়নি আৰু নাজিৰা সমষ্টিত বৃহৎ সফলতা লাভ কৰিব বুলিও দৃঢ়তাৰে প্রকাশ কৰে ৰণজিৎ কুমাৰ দাসে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত চলিছে যোগদান পৰ্ব। বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়ত এক যোগদান পৰ্বত বি পি এফৰ কেন্দ্রীয় যুৱ সমিতি, জি এছ পি দলকে আদি কৰি কেইবাটাও দল সংগঠনৰ প্রায় ১০০ গৰাকী সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে। যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে যোগদানকাৰী সকলক দলীয় গলবস্ত্ৰৰে আদৰণি জনায়।