গুৱাহাটী – অসম বিধনাসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। ভোটাৰ ৰাইজক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল। এসময়ত কংগ্ৰেছৰ ভোটবেংক ২০১৬ ৰ বিধানসভা নিৰ্বাচনত হাত এৰি পদুমলৈ আহিছিল কিন্তু পদুমৰ প্ৰতিও মোহভংগ হৈছে এই ভোটবেংকৰ।

চাহ জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণ প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ভূমি পাট্টা প্ৰদান চাহ জনগোষ্ঠীৰ লোক সকলকৰ দীৰ্ঘদিনীয়া দাবী। কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ এই দাবী সমূহ পূৰণ কৰাত ব্যৰ্থ হোৱাৰ পিছত বিজেপি দলে এই সমূহ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে চাহ জনগোষ্ঠীৰ লোক সকলৰ ভোট নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হৈছিল। বিজেপিয়ে দাবী কৰা মতে তেওঁলোকে চাহ শ্ৰমিক সকলকৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি বহু আঁচনি ৰূপায়ন কৰিছে কিন্তু বাস্তৱ ক্ষেত্ৰত বিজেপিৰ এই দাবীক অস্বীকাৰ কৰিছে চাহ শ্ৰমিক সকলে।

বিজেপিৰ দখলত থকা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চপাই চাহ বাগিচাৰ শ্ৰমিক শ্ৰৱণ তাঁতীয়ে জানিবলৈ দিয়ে “শ্ৰমিক আইন অনুসৰি আমি খৰি পাব লাগে, আমি বসবাস কৰা ঘৰ সমূহৰ সময়ে সময়ে নিৰ্মাণ হ’ব লাগে কিন্তু এইবোৰ সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। চাহ শ্ৰমিক সকল বর্তমানৰ ১৬৭ টকা মজুৰিৰে জীৱন নিৰ্বাহ কৰাটো একেবাৰে অসম্ভৱ। বৰ্তমানৰ বিজেপি চৰকাৰখনে চাহ শ্ৰমিক সকলৰ মজুৰি ৩০০ টকাৰ ওপৰত প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিব। লগতে আমাক ভূমি পাট্টা প্ৰদান আৰু জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব”।

ইফালে ৰাজ্যত বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া শাসন কালত তিনি বছৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ দৰমহা ৩০ টকা বৃদ্ধি হৈছিল। বিগত দুবছৰ ধৰি চাহ শ্ৰমিক সকলৰ দৰমহা বৃদ্ধি হোৱা নাই। কংগ্ৰেছ চৰকাৰৰ প্ৰতাৰণাৰ বলি হোৱা চাহ শ্ৰমিক সকল বিজেপিৰ প্ৰতি আস্থা ৰাখিছিল যদিও বিজেপি দলেও চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। বিজেপি দলৰ প্ৰতি আস্থা হেৰুৱাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই পুনৰবাৰ বিজেপিক ভোট প্ৰদান কৰাৰ বাবে দলটোক আহ্বান জনাইছে চাহ শ্ৰমিক সকলৰ দাবী সমূহ নিৰ্বাচনৰ পুর্বে পূৰণ কৰাৰ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীয়ে কয় “কংগ্ৰেছ দলে ৬০ বছৰ শাসন কৰিলে কিন্তু কংগ্ৰেছ দলে আমাক কেৱল মাত্ৰ ভোটবেংক বনাই ৰাখিলে। কংগ্ৰেছ দলে যিধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰাত ব্যৰ্থ হোৱাৰ বাবে আমাৰ মানুহখিনি অতিষ্ঠ হৈ বিজেপি মুখী হৈছিল। বিজেপি দলেও আমাৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিবোৰ সমষ্টিত চাহ জনজাতি লোক সকলৰ ভোট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইবোৰ সমষ্টিত আমি দলৰ পৰিবৰ্তে আমাৰ নিজৰ প্ৰাৰ্থীক গুৰুত্ব প্ৰদান কৰিম। আমাৰ চাহ জনজাতিৰ প্ৰাৰ্থীকে আমি এইবাৰ নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াম”।

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে যদিও বৰ্তমানলৈকে কোনো এটা দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই। চাহ শ্ৰমিক সকলৰ ভোট লাভ কৰিবলৈ হ’লে ৰাজনৈতিক দল সুমহে চাহ জনগোষ্ঠীৰ ভোটাৰ সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সমষ্টি সমূহত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী নিক্ষেপ কৰাত গুৰুত্ব প্ৰদনা কৰিব লাগিব। এতিয়া ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা যাব কোন দলে কিমান চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থী প্ৰদান কৰিলে।