অনিল শইকীয়াই লুটপাত চলাই থকাৰ বিস্ফোৰক মন্তব্য আমিনুল ইছলামৰ

জুৰীয়া – কলিয়াবৰৰ বিজেপিৰ সভাপতি অনিল শইকীয়াই ধিংৰ বিধায়ক আমিনুল ইছলামক শত্ৰু বুলি মন্তব্য কৰাৰ পিছতে বিধায়ক আমিনুল ইছলামে উভতি ধৰিলে বিজেপি নেতা অনিল শইকীয়াক। বিধায়ক আমিনুল ইছলামে কলিয়াবৰৰ বিজেপিৰ সভাপতি অনিল শইকীয়াই লুটপাত চলাই থকাৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

ধিংৰ বিধায়ক অমিনুল ইছলামে কয় “অনিল শইকীয়াই বিজেপিৰ একাংশ কৰ্মীৰ জৰিয়তে বিভিন্ন ঠাইৰ পৰা মাহেকীয়া হিচাপে ধন আদায় কৰি আহিছে। যি সকলক বিজেপি মণ্ডল মৰ্চাৰ দায়িত্ব প্ৰদান কৰা হয় তেওঁলোকৰ জৰিয়তে মাহেকীয়া হিচাপে অনিল শইকীয়াই সংগ্ৰহ কৰি আহিছে ধন। ধন সংগ্ৰহ কৰি নিদিলে কর্মী সকলক বিজেপি কমিটিৰ পৰা অপসাৰণ কৰাৰ ভাবুকিও প্ৰদান কৰে অনিল শইকীয়াই”।

কংগ্ৰেছক মানুহে উৎখাত কৰিছিল দুৰ্নীতিৰ বাবে, বিজেপিয়ে দুৰ্নীতি মুক্ত কৰিব বুলি ৰাইজে ভোট দিছিল কিন্তু দেখা গ’ল কংগ্ৰেছতকৈ দহগুন বেছি দুৰ্নীতি কৰি আছে অনিল শইকীয়াই বুলিও মন্তব্য কৰে ধিংৰ বিধায়ক গৰাকীয়ে। বিজেপি নেতা অনিল শইকীয়াক বিভিন্ন মন্তব্যৰে কটাক্ষ কৰি বিজেপি চৰকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক আমিনুল ইছলাম।

আনকি বিজেপিৰ একাংশ কৰ্মীয়ে ধিং সমষ্টিতো সমবায়,পঞ্চায়তৰ লগতে ৰাস্তা-ঘাটৰ কাম কাজত ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে, কলিয়াবৰৰ বিজেপিৰ সভাপতি অনিল শইকীয়াই ধিংৰ বিধায়ক আমিনুল ইছলামক শত্ৰু বুলি মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে অনিল শইকীয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে অমিনুল ইছলাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply