মানকাচ – বিজেপিক মিছলিয়াৰ দল বুলি কঠোৰ সমালোচনা সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক নৰসিং পালৰ। এ আই ইউ ডি এফ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতা হ’লেও মানকাচৰ আসনৰ বাবে কংগ্ৰেছৰ বিধায়ক মতিউৰ ৰহমান মণ্ডলেই পাব দলীয় টিকট। নিশ্চিত কৰিলে নৰসিং পলে।
বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ সিমানেই গৰম হৈ উঠা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় দক্ষিণ শালমাৰা মানকাচৰ সমষ্টিৰ অন্তৰ্গত ২১ নং মানকাচৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টি।
দক্ষিণ শালমাৰা সমষ্টিত বিধায়ক ওয়াজেদ আলি চৌধুৰীয়ে হিন্ধু-মুছলমানৰ ৰাজনীতিৰে নিৰ্বাচনী বতাহ গৰম কৰি ৰখাৰ বিপৰীতে মানকাচৰ সমষ্টিত বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতা হ’লে টিকট নাপায় বুলি সমষ্টিজুৰি চৰ্চা চলি থকাৰ মাজতে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বৃহস্পতিবাৰে সমষ্টিটোৰ হাটশিঙিমাৰীত কংগ্ৰেছ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ডাঃ মতিউৰ ৰহমান মণ্ডলে।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি প্ৰায় ৫ বজালৈ কংগ্ৰেছৰ এক বিশাল বৰ্ধিত কাৰ্যবাহী সভা অনুষ্ঠিত হয়। জিলা কংগ্ৰেছৰ সভাপতি তথা বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক নৰসিং পাল। সভাখনত উপস্থিত সহস্ৰাধিক লোকৰ উপস্থিতিত মুখ্য অতিথি নৰসিং পাল বিজেপি দলক মিছলিয়াৰ দল বুলি মন্তব্য কৰি বিজেপি দলক কঠোৰ সমালোচনা কৰে।
বিগত দিনত দেশ তথা অসমত যি উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ দিনত হৈছে, বিজেপি চৰকাৰে কৰ্মহীন কৰিছে সৰ্বসাধাৰণ জনতাক। আনকি দেশবাসীৰ একাউন্টত ১৫ লাখকৈ টকা দিব বিচৰা চৰকাৰে আজিলৈ কাৰো একাউণ্টত ১৫ টকা দি পোৱা নাই বুলিও মন্তব্য কৰে নৰসিং পালে।মন কৰিবলগীয়া বিষয় এয়া যে বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দল আৰু এ আই ইউ ডি এফ দলৰ মাজত মিত্ৰতা হ’লে এ আই ইউ ডি এফ দলৰ শক্তিশালী প্ৰাৰ্থী তথা দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলাম মানকাচৰ সমষ্টিৰ পৰা টিকট লাভ কৰাৰ খবৰ সমগ্ৰ মানকাচৰ সমষ্টিত চৰ্চা লাভ কৰিছে।
এনে পৰিস্থিতিত সমষ্টিটোত কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তা হতাশাত ভুগি ইতিমধ্যে এ আই ইউ ডি এফ দলত যোগদান কৰিবলৈ আৰম্ভ কৰিছে। ফলস্বৰূপে বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এইদৰে এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। সভাখনত নৰসিং পাল একপ্ৰকাৰে নিশ্চিত কৰে যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত মিত্ৰতা হ’লেও মানকাচৰ সমষ্টি কংগ্ৰেছৰ থাকিব আৰু সমষ্টিটোত বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল টিকট লাভ কৰিব।