গুৱাহাটী:- পাটাছাৰকুছিৰ অগপ বিধায়ক পবীন্দ্ৰ ডেকাই অবশেষত আজি বিধায়ক পদ ত্যাগ কৰিলে | কিছুদিনৰ আগতে অগপ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল |
শিৱসাগৰত হোৱা অভিবৰ্তনত কাৰ্যকৰী সভাপতিৰ পদত অধিস্থিত হৈছিল বিধায়ক পবীন্দ্ৰ ডেকা | অগপ দলৰ ত্যাগ কৰিছিল যদিও দলৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক পদ ত্যাগ নকৰাক লৈ অগপ সভাপতি অতুল বৰাই দেওবাৰে তেওৰ বিধায়ক পদ খাৰিজ কৰিবলৈ অধ্যক্ষক জনাব বুলি প্ৰকাশ কৰাৰ পিছতেই সোমবাৰে পুৱা বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে পবীন্দ্ৰ ডেকাই | লগতে আগন্তুক নিৰ্বাচনত পাটাছাৰকুছিৰ পৰা অজাপৰ পৰা নিৰ্বাচন খেলিব বুলিও কয় |
বিধায়ক পদ ত্যাগ কৰি পবিন্দ্ৰ ডেকাই কয়, “মই নৈতিকতা স্বীকাৰ কৰি অগপ তথা বিধায়ক পদৰ পৰা পদত্যাগ কৰিছো৷ অগপই বিজেপিৰ লগত মৰ্চা কৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে৷ ‘কা’ বিৰোধ কৰাৰ পৰা বিৰত থাকি জাতীয়তাবাদী চৰিত্ৰ হেৰুৱাইছে অগপই৷ অগপ দলটো জাহ গৈছে বিজেপিত৷ বিজেপিক ডাষ্টবিন কৰি তুলিছে অগপই৷’’
‘কা’ বিৰোধ অগপৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত আছিল৷ কিন্তু, তাকে নকৰি অতুল বৰাকে ধৰি কেইজনমান নেতাই দিল্লীলৈ গৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক হেঁচা দি ‘কা’ৰ সপক্ষে সংসদত ভোট দিবলৈ বাধ্য কৰালে ৷”