গুৱাহাটী – বিধায়ক পদ ত্যাগ কৰিলে ৰাজদ্বীপ গুৱালাই। বিধানসভাৰ অধ্যক্ষৰ হাতত ৰাজদ্বীপ গুৱালাই অৰ্পণ কৰিলে পদ ত্যাগ পত্ৰ। বিধায়ক পদ ত্যাগ কৰিয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ ৰাজদ্বীপ গুৱালাৰ।

মঙলাবাৰে অজন্তা নেওগৰ লগত একেলগে গেৰুৱা টুপী পিন্ধিলে লক্ষীপুৰৰ কংগ্ৰেছ দলৰ বিধায়ক ৰাজদ্বীপ গুৱালা। বাজপেই ভৱনত গেৰুৱা টুপী পিন্ধাৰ পিছতে ৰাজদ্বীপ গুৱালাই ত্যাগ কৰে বিধায়ক পদ। অসম বিধানসভাৰ অধ্যক্ষৰ হাতত বিধায়ক পদ ত্যাগ পত্ৰ অৰ্পন কৰে ৰাজদ্বীপ গুৱালাই।

বিধায়ক পদ ত্যাগ কৰিয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে লক্ষীপুৰৰ বিধায়ক গৰাকীয়ে। ৰাজদীপ গুৱালাই কংগ্ৰেছ দলক আক্ৰমণ কৰি কয় যে বৰাকবাসী ৰাইজে “কা” সমৰ্থন কৰিছে। “কা”কলৈ কংগ্ৰেছ দলে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। “কা” সন্দৰ্ভত কংগ্ৰেছ দলৰ স্থিতি ব্ৰহ্মপুত্ৰ আৰু বৰাকত পৃথক পৃথক।

আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাক অপবিত্ৰ মিত্ৰতা আখ্যা দিয়ে ৰাজদ্বীপ গুৱালাই। বিজেপি দলৰ বিকাশমূলক কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰাৰ কথাও উল্লেখ কৰে ৰাজদ্বীপ গুৱালাই।

উল্লেখ্য যে, মঙলাবাৰে গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগৰ লগত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে লক্ষীপুৰৰ কংগ্ৰেছ দলৰ বিধায়ক ৰাজদ্বীপ গুৱালা। দুই কংগ্ৰেছীৰ লগতে বিপিএফ দল ত্যাগ কৰি বিজেপিলৈ আহে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মোছাহাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply