নিউজ ডেস্ক– সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব নীতিশ কুমাৰ। ইতিমধ্যেই মেজিক নম্বৰ লাভ কৰিছে বিজেপি নেতৃত্বাধীন এন ডি এই এইবাৰ বিহাৰ নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ লাভ কৰিছে। ২৪৩ খন বিহাৰ বিধানসভা আসনৰ ভিতৰত ১২৫ খন আসনেই দখল কৰিছে এনডিএই। তাৰ বিপৰীতে মহামিত্ৰজোঁটে ১১০ খন আসনত জয়লাভ কৰিছে। এই জয়লাভৰ পিছতে নীতিশ কুমাৰৰ একেৰাহে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি হৈছে।

উল্লেখ্য যে ২৪৩ খন আসনৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহনৰ শেষ পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছিল ৭ নৱেম্বৰত।

২০২০ৰ নিৰ্বাচনত ৭৫ খন আসনৰ সৈতে আৰ জে দি বিহাৰৰ সৰ্ব বৃহৎ দল হিচাপে পৰিগনিত হয় । বিজেপি ভোট গণনাৰ অন্তত ৭৪ খন আসনেৰে দ্বিতীয় স্থানত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply