গুৱাহাটী – মিথ্যাচাৰ আৰু দুর্নীতি পােহাৰ মেলি কংগ্ৰেছে ভাৰত তথা অসমৰ সমাজ জীৱন বিপদাপন্ন কৰাই নহয় সমাজৰ বিকাশৰ পথে ৰুদ্ধ কৰি তুলিছিল। আন মৌলিক সমস্যাসমূহ বাদেই, কংগ্রেছ চৰকাৰ ৬০ বছৰজোৰা দীঘলীয়া শাসনকালত থকাৰ পাছত আমাৰ গৌৰৱ বিশ্ব সর্ববৃহৎ নদীদ্বীপ মাজুলীৰ লগত যােৰহাট সংযােগী দলং নিমণি কৰিবলৈ সামর্থ নহ’ল। এক প্ৰেছ-বিবৃতিৰ জৰিয়তে কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাৰ।

প্ৰেছ বিবৃতিত পবিত্র মাৰ্ঘেৰিটাই কয় যে, মুখ্যমন্ত্ৰী সর্বানন্দ সােণােৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ গঠন হােৱাৰ পিছতেই অসমৰ বহুদিনীয়া অপূৰণীয় সমস্যাসমূহ সমাধান কৰিবলৈ দৃঢ়-সংকল্প লােৱাই নহয় সমস্যাসমূহ সমাধান কৰিবলৈও সমৰ্থ হৈছে, এইক্ষেত্ৰত উদাহৰণস্বৰূপে বৃহস্পতিবাৰে নির্মাণৰ কাম শুভ উদ্ধোধন হ’বলগীয়া যােৰহাট আৰু মাজুলী সংযােগী দলঙৰ কথা আঙুলিয়াই বিজেপিৰ মুখপাত্ৰজনে কয় যে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপত অৱশেষত মাজুলীবাসীৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই তেওঁলােকৰ সপােনক সাকাৰ কৰিবলৈ অহা ১৮-০২-২০২১ তাৰিখে প্রায় ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ৮ কিলোমিটাৰ দৈর্ঘ্যৰ যােৰহাট আৰু মাজুলী সংযােগী দলং নিৰ্মাণৰ কাম প্রধানমন্ত্রী নৰেন্দ্র মােদী আৰু পথ পৰিবহন মন্ত্রী নীতিন গড়কাৰীয়ে ভাচুৱেলভাৱে শুভ উদ্বোধন কৰিব।

কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল লুণ্ঠনহে সম্ভৱ, উন্নয়ন সম্ভৱ নহয় বুলি মন্তব্য কৰি পবিত্র মাৰ্ঘেৰিটাই কয় যে, দেশ স্বাধীনতাৰ ৭০ বছৰৰ পাছততো সাধাৰণ ৰাইজৰ বাবে অত্যন্ত প্রয়ােজনীয় এনে এখন দলং নিৰ্মাণ কৰিবলৈ বাকী ৰৈ যােৱাটো অত্যন্ত লজ্জাজনক, ইয়াৰ বাবে সমস্ত দোষ পূর্বতে শাসনত থকা কংগ্ৰেছ চৰকাৰৰ। মুখপাত্ৰজনে লগতে কয় যে, যদি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰৰ শাসনত নাথাকিলহেতেন লগতে মাজুলী জনসাধাৰণে সর্বানন্দ সােণােৱালক বিধায়ক হিচাপে জয়ী নকৰালহেতেন তেন্তে অহা ১০০ বছৰলৈ যােৰহাট আৰু মাজুলী সংযােগী দলং নিৰ্মাণৰ কাম সম্ভৱ নহ’লহেঁতেন।

কেৱল এইয়াই নহয় পূর্বৰ কংগ্ৰেছ চৰকাৰৰ ৬০ বছৰজোৰা শাসনকালত সম্পূৰ্ণৰূপে এলাগী হৈ থকা চাহ-জনগােষ্ঠীলােক সবাংগীন বিকাশ, ৰে’ল পথ বৈদ্যুতিকীকৰণ, কাজিৰঙাকে আদি কৰি সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰা, গড় হত্যা ৰােধ কৰা, উন্নত প্রযুক্তি ব্যৱহাৰ কৰি ভাৰত আৰু বাংলাদেশ সীমান্ত ছীল, মাতৃভাষা বাধ্যতামূলক কৰা, উন্নত মানদণ্ডৰ চিকিৎসাৰ সুবিধাৰ বাবে চাংসাৰিত এইমছ স্থাপন কৰা, অসমীয়া জাতিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্ববাসীৰ আগত প্রতিষ্ঠা কৰাৰ উদ্দেশ্য ১৮৮ কোটি টকা ব্যয়ৰ অভিলাষী প্রকল্প নিমণিৰ কাম হাতত লােৱা, শহীদ সকলৰ সোঁৱৰণত ১১০ বিঘা মাটি সামৰি শ্বহীদ উদ্যান নির্মাণৰ কাম ৰাজ্যিক বিজেপিয়ে মাত্র চাৰে-চাৰিটা বছৰত সম্পন্ন কৰি তুলিছে।

কংগ্ৰেছ চৰকাৰে মুখেৰে পৰিচয় দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে কামেৰে নিজৰ পৰিচয় দিয়ে বুলি প্রকাশ কৰি মুখপাত্ৰজনে কয় যে, বিজেপি চৰকাৰে সমাধান কৰা এনেধৰণৰ কামসমূহ প্ৰকৃততে বর্তমানলৈকে থাকিবই নালাগিছিল, এইসমূহ কাম কংগ্ৰেছ চৰকাৰৰ পূৰ্বৰ ৭০ বছৰতে সমাপ্ত হ’ব লাগিছিল। এইয়া কংগ্ৰেছৰ চুড়ান্ত ব্যর্থতা প্রমাণ বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাই প্ৰেছ-বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply