নগাঁও – বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নগাঁও লোকসভাৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। বিজেপিয়ে তিৱা নিৰ্বাচনকলৈ মদ-মাংস বিতৰণ কৰি ভোটাৰ ৰাইজক আকর্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ। তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিক আক্ৰমণ প্ৰদ্যুৎ বৰদলৈৰ।
অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিচিত ইউ পি পি এল দলক সমৰ্থন জনাই চৰকাৰৰ অংশীদাৰ হোৱাৰ পিছতে এইবাৰ বিজেপি দলে তিৱা স্বায়ত্ব পৰিষদ দখল কৰাৰ লক্ষ্য আগত লৈ আগুৱাই গৈছে। ইফালে বিটিচিত মুখ ঠেকেচা খোৱা কংগ্ৰেছ দলৰ বাবে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ যুঁজ। মুঠতে দুই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধি চলাই গৈছে প্ৰচাৰ অভিযান।
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এফালে যদি বিজেপি দলৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নামিছে ৰণত আনফালে কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ লগতে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁও জিলা সাংসদীয় সমষ্টিত তিৱা স্বায়ত্ব পৰিষদৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে তিৱা নিৰ্বাচনত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে বিজেপিয়ে প্ৰয়োগ কৰিছে ধনবল।
প্ৰলোভনৰ ৰাজনীতিৰে বিজেপিয়ে এতিয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত মদ-মাংস বিতৰণ কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কেৱল এয়াই নহয় পূৰ্বৰ বিজেপিৰ ৰমাকান্ত দেউৰীৰ নেতৃত্বত পৰিষদৰ উন্নয়নৰ নামত ধন লুণ্ঠনৰ প্ৰতিযোগিতা চলাৰো অভিযোগ উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নাম নোলোৱাকৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰিং মাষ্টাৰ বুলিও অভিহিত কৰে প্ৰদ্যুৎ বৰদলৈয়ে।